এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

Qutub Minar row

দেশত এতিয়া প্ৰাচীন কীৰ্তি-চিহ্ন সমূহত হিন্দুত্বৰ ৰং সনাৰ ধুম উঠিছে। বিশেষকৈ মোগল সাম্ৰাজ্য তথা মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা কীৰ্তি-চিহ্ন তথা সমলসমূহত হিন্দুত্বৰ ৰং চটিওৱাত নামি পৰিছে দেশৰ হিন্দুত্ববাদী মহল।

এই ধাৰাক প্ৰতিনিধিত্ব কৰিয়েই এইবাৰ বিতৰ্কৰ মাজলৈ আহিছে কুতুব মিনাৰ। ইতিহাসৰ তথ্য মতে কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰা বুলিয়েই ইমানদিনে প্ৰচলন হৈ আহিছে। পিছে শেহতীয়া এক দাবী অনুসৰি এই তথ্য ভুল।

এই দাবী অনুসৰি কুতুবুদ্দিন আইবাকে নহয়, ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ। এই দাবী কৰিছে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ এজন প্ৰাক্তন বিষয়াই।

ধৰমবীৰ শৰ্মা নামৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ এজন প্ৰাক্তন আঞ্চলিক সঞ্চালকে দাবী কৰিছে যে কুতুবুদ্দিন আইবাকে নহয়, ৰাজা বিক্ৰমাদিত্যইহে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল। সূৰ্যৰ দিশ অধ্যয়ন কৰিবলৈ কুতুব মিনাৰ নিৰ্মাণ কৰা হৈছিল।

তেওঁৰ দাবী অনুসৰি পঞ্চম শতিকাত ৰাজা বিক্ৰমাদিত্যই এই টাৱাৰ নিৰ্মাণ কৰিছিল। আনকি এই সন্দৰ্ভত তেওঁৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে বুলিও তেওঁ দাবী কৰে।

“কুতুব মিনাৰ টাৱাৰটো ২৫ ইঞ্চি হেলনীয়া। ইয়াৰ কাৰণ হৈছে সূৰ্য পৰ্যবেক্ষণ কৰিবলৈ এই টাৱাৰটো প্ৰস্তুত কৰা হৈছিল আৰু সেয়েহে ২১ জুনত এটা বিশেষ ক্ষণত সূৰ্যৰ ছাঁটো কমেও আধা ঘণ্টাৰ বাবে সেই স্থানত নপৰে। এয়া বিজ্ঞান আৰু পুৰাতাত্ত্বিক সত্য।”— তেওঁ লগতে কয়।

“কুতুব মিনাৰ বুলি নামাকৰণ কৰা এই টাৱাৰটো এক স্বতন্ত্ৰ গাঁথনি। এই টাৱাৰটো ইয়াৰ কাষৰ মছজিদৰ সৈতে কোনো প্ৰকাৰে সম্পৰ্কিত নহয়।”- শৰ্মাই লগতে কয়। তদুপৰি তেওঁ কয় যে, কুতুব মিনাৰৰ দুৱাৰখনো উত্তৰদিশে মুখ কৰি আছে। ৰাতিৰ আকাশত ধ্ৰুৱ তৰাটো চাবলৈয়ে এইদৰে এই টাৱাৰটো নিৰ্মাণ কৰা বুলি তেওঁ যুক্তি দিয়ে।

অৱশ্যে কুতুব মিনাৰ সন্দৰ্ভত ইয়াৰ পূৰ্বেও বহু সময়ত বিতৰ্কৰ সূত্ৰপাত হৈছে। চলিত বৰ্ষৰ এপ্ৰিলত বিশ্ব হিন্দু পৰিষদৰ এজন মুখপাত্ৰই কুতুব মিনাৰ প্ৰকৃততে এক ‘বিষ্ণু স্তম্ভ’ আছিল বুলি দাবী কৰিছিল। ২৭ টা হিন্দু-জৈন মন্দিৰ ভাঙি পেলোৱাৰ পাছত হিন্দু সম্প্ৰদায়ক অপমান কৰিবলৈ সেই স্থানত কুতুব মিনাৰ নিৰ্মাণ কৰিছিল বুলি এই হিন্দুত্ববাদী নেতাজনে দাবী কৰিছিল।

যোৱা বৰ্ষৰ শেষৰ ফালে কুতুব মিনাৰৰ ভিতৰত জৈন দেৱতা তীৰ্থংকৰ ভগৱান ঋষভ দেৱ আৰু হিন্দু দেৱতা ভগৱান বিষ্ণুৰ নামত উপাসনা কৰাৰ অধিকাৰ বিচাৰি একাংশ হিন্দুত্বাদীয়ে আদালতত আবেদন দাখিল কৰিছিল।

মহম্মদ গৌৰীৰ সেনাপতি কুতুবুদ্দিন আইবাকে হিন্দু আৰু জৈন ধৰ্মৰ ২৭ টা মন্দিৰ ধ্বংস কৰি কুৱাত-উল-ইছলাম মছজিদ নিৰ্মাণ কৰিছিল বুলি দাবী কৰি আবেদনকাৰী হিন্দুত্ববাদী সকলে হিন্দু-জৈন ধৰ্মৰ দেৱতাসকলক পুনৰুদ্ধাৰ কৰি কুটুব মিনাৰৰ ভিতৰত প্ৰাৰ্থনাৰ অধিকাৰ প্ৰদান কৰিব লাগে বুলি আবেদনত উল্লেখ কৰিছিল।

কিন্তু দিল্লীৰ এক স্থানীয় আদালতে এই আবেদন নাকচ কৰে। আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অতীতৰ অন্যায়ৰ আধাৰত বৰ্তমান আৰু ভৱিষ্যতৰ শান্তি বিঘ্নিত কৰাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল।