NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱসৰ শুভেচ্ছা দিবলৈ দুদিন পাছতহে সাৰ পালে জি এম চিয়ে

January 29, 2019 11:38 am · এন ই নাও নিউজ
গুৱাহাটীৰ কাছাৰীত থকা ইয়াৰ কাৰ্যালয়ত গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিএমচিৰ আয়ুক্ত মনালিছা গোস্বামীৰ লগতে বিভাগৰ বিষয়া-কৰ্মচাৰী। ফটো : টুইটাৰ

যোৱা শনিবাৰে ৭০’তম গণৰাজ্য দিৱস উদযাপন হৈ যোৱাৰ দুদিন পাছত অৰ্থাৎ সোমবাৰেহে  মহানগৰীৰ নাগৰিকসকল গণৰাজ্য দিৱসৰ শুভেচ্ছা দিয়াৰ কথা মনত পৰিল গুৱাহাটী পৌৰ নিগমৰ।

উল্লেখযোগ্য যে দেশৰ অন্যান্য অংশৰ লগতে গুৱাহাটী পৌৰ নিগমেও শনিবাৰে  ৭০’ সংখ্যক গণৰাজ্য দিৱস পালন কৰে।

জি এম চিয়ে ইয়াৰ কাছাৰীৰ কাৰ্যালয়ত উদযাপন কৰা গণৰাজ্য দিৱসৰ কেইখনমান ফটো সংলগ্ন কৰি ইয়াৰ অ’ফিচিয়েল টুইটাৰ পেজত সোমবাৰে পুৱা ১০.৫৯ বজাত আপলোড কৰে। তাত লিখিছে: ‘’ গুৱাহাটী পৌৰ নিগমৰ সকলো বিষয়া-কৰ্মচাৰীৰ পালৰ পৰা আমি গণৰাজ্য দিৱসৰ শুবেচ্ছা জনালোঁ!‘’

জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে কাছাৰীত থকা নিগমৰ কাৰ্যালয়ত নিগমৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

জিএমচিৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱা টুইটাৰৰ বিলম্বিত টুইট।

অৱশ্যে,গুৱাহাটী পৌৰ নিগমৰ অফিচিয়েল ফেচবুক পেজত ২৬ জানুৱাৰিৰ গণৰাজ্য দিৱসৰ দিনাই টুইটাৰত প্ৰকাশ কৰা সেই একেই ফটো আপলোড কৰিছিল।

জি এম চিয়ে গণৰাজ্য দিৱস পালনৰ পাছতেই শনিবাৰে ১০.৪৮ বজাত উদযাপনৰ এই ছবি ফেচবুকত আপলোড কৰি লিখিছিল : ‘’গুৱাহাটী পৌৰ নিগমৰ সকলো বিষয়া-কৰ্মচাৰীৰ পালৰ পৰা আমি গণৰাজ্য দিৱসৰ শুবেচ্ছা জনালোঁ!‘’

দেখা যায় যে মহানগৰীখনক ‘পৰিস্কাৰ তথা সেউজ’ কৰি তোলাৰ বাবে অনলাইন অভিযান আৰম্ভ কৰা জিএমচিয়ে এতিয়াও প্ৰযুক্তিৰ সফল ব্যৱহাৰ শিকা নাই আৰু ইয়াৰ টুইটাৰ ব্যৱহাৰত সাৱধান নহয়।

ইয়াৰ মাজতে জিএমচিয়ে মহানগৰীৰৰ নাগৰিকসকলক তথা মহনগৰীলৈ অহা লোকসকলক স্বচ্ছতা এপ আপলোড কৰি গুগল শৌচাগাৰ নিৰ্দেশনাকাৰী (গুগল টয়লেট লোকেটৰ)ৰ সহায়ত নিকটৱৰ্তী ৰাজহুৱা শৌচাগাৰ বিচাৰি উলিওৱাৰ বাবে আহ্বান জনাইছে।

জিএমচিয়ে লগতে গুৱাহাটীৰ চৌপাশে থকা ৰাজবুৱা শৌচাগাৰৰ বিষয়ে অধিক জানিবৰ বাবে ৰাইজক তেওঁলোকৰ  পেজ অনুসৰণ কৰিবলৈ আহ্বান জনাই আহিছে।

Related News