• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃণমূল কংগ্ৰেছত যোগদান কৰিব সাংসদ আৰ পি শৰ্মাই : লাভ কৰিব ৰাজ্যিক সভাপতিৰ পদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 17, 2019 11:37 am
RP-Sharma-1

সাংসদ আৰ পি শৰ্মা। ফাইল ফটো

1.7k
VIEWS
Share on FacebookShare on Twitter

‘টাইগাৰ অভি জিন্দা হ্যে’ ডাইলগৰে বাতৰিৰ শিৰোণাম দখল কৰা তথা তেজপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট বঞ্চিত সাংসদ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাই অচিৰেই যোগদান কৰিব তৃণমূল কংগ্ৰেছত। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ এক উচ্চস্তৰীয় নিৰ্ভৰযোগ্য সুত্ৰই নৰ্থ ইষ্ট নাওক এই কথা জনাইছে।

সুত্ৰটোৰ দাবী ‘’অহা ২৫ মে’ৰ দিনা আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ অংশীদাৰ হ’ব আৰ পি শৰ্মা। তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ উপস্থিতিত অসমতেই আনুষ্ঠানিকতাৰে যোগদান কৰিব শৰ্মাই।‘’

index
তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাৰ সৈতে আৰ পি শৰ্মা।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বাহিনীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰাৰ সময়তে পুৰণা কৰ্মীৰ সৈতে তেওঁলোকৰ অস্তিত্ব যে মাটিৰ লগত মিলি যাব তাৰ উমান শৰ্মাই সেই সময়তে পাইছিল। সেয়েহে যোৱা ১৬ মাৰ্চৰ দিনা অৰ্থ্যাৎ তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰা দিনটোতেঅন্য এক ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰো ইংগিত দিছিল।

তদুপৰি, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাই যোৱা ফেব্ৰুৱাৰি মাহৰ পৰাই আৰ পি শৰ্মাৰ সৈতে তৃণমূলত যোগদান কৰাৰ ক্ষেত্ৰত যোগাযোগ ৰাখি আহিছিল বুলি সুত্ৰটোৱে কয়। লগতে তেওঁক তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱা হৈছিল বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে।

ইপিনে, যোৱা সপ্তাহত কলকাতালৈ গৈ পশ্চিমবংগৰ মেয়ৰ তথা তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ সৈতে আৰ পি শৰ্মাই এক আলোচনাত মিলিত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে ২৫ মে’ৰ দিনাই শৰ্মাক দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ’ব বুলি সুত্ৰটোৱে আমাৰ আগত কয়। বৰ্তমান দলটোৰ ৰাজ্যিক সভাপতি হিচাপে আছে প্ৰাক্তন বিধায়ক গোপীনাথ দাস।

আৰ পি শৰ্মাৰ নেতৃত্বত অসমত তৃণমূলৰ নতুন এক সু-দৃঢ় ভেটি গঠন কৰাৰো দাবী কৰে সুত্ৰটোৱে।

index 2
আৰ পি শৰ্মাৰ কাৰ্যালয়ত তৃণমূলৰ ৰাজ্যিক মুখপাত্ৰ ভৱানী কলিতা।

উল্লেখ্য যে, যোৱা ১৬ মাৰ্চৰ দিনা এক ফেইচবুক পোষ্টযোগে ২৯ বছৰ বিজেপি দলৰ হৈ কাম কৰি অহা আৰ পি শৰ্মাই তেওঁৰ নামটো ৰাজ্যিক সমিতিয়ে প্ৰাৰ্থী পেনেলত অন্তৰ্ভুক্ত নকৰাৰ ক্ষোভত দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে, তৃণমূল কংগ্ৰেছত শৰ্মাই যোগদান কৰিব নে নাই এই কথা তেওঁ নিজ মুখেৰে বৰ্তমানলৈকে প্ৰকাশ কৰা নাই। তেওঁৰ সৈতে টেলিফোনিক যোগাযোগৰ চেষ্টা কৰা হৈছে যদিও তেওঁক পোৱা নাই আমাৰ সাংবাদিকে।

আনহাতে, অগপ দলৰ এগৰাকী শীৰ্ষ তথা জ্যেষ্ঠ নেতাইয়ো তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে আলোচনা চলাই থকাৰ কথা জানিব পৰা গৈছে।

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd