• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃণমূল কংগ্ৰেছত যোগদান কৰিব সাংসদ আৰ পি শৰ্মাই : লাভ কৰিব ৰাজ্যিক সভাপতিৰ পদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 17, 2019 11:37 am
RP-Sharma-1

সাংসদ আৰ পি শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘টাইগাৰ অভি জিন্দা হ্যে’ ডাইলগৰে বাতৰিৰ শিৰোণাম দখল কৰা তথা তেজপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট বঞ্চিত সাংসদ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাই অচিৰেই যোগদান কৰিব তৃণমূল কংগ্ৰেছত। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ এক উচ্চস্তৰীয় নিৰ্ভৰযোগ্য সুত্ৰই নৰ্থ ইষ্ট নাওক এই কথা জনাইছে।

সুত্ৰটোৰ দাবী ‘’অহা ২৫ মে’ৰ দিনা আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ অংশীদাৰ হ’ব আৰ পি শৰ্মা। তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ উপস্থিতিত অসমতেই আনুষ্ঠানিকতাৰে যোগদান কৰিব শৰ্মাই।‘’

Apply Now
index
তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাৰ সৈতে আৰ পি শৰ্মা।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বাহিনীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰাৰ সময়তে পুৰণা কৰ্মীৰ সৈতে তেওঁলোকৰ অস্তিত্ব যে মাটিৰ লগত মিলি যাব তাৰ উমান শৰ্মাই সেই সময়তে পাইছিল। সেয়েহে যোৱা ১৬ মাৰ্চৰ দিনা অৰ্থ্যাৎ তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰা দিনটোতেঅন্য এক ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰো ইংগিত দিছিল।

তদুপৰি, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাই যোৱা ফেব্ৰুৱাৰি মাহৰ পৰাই আৰ পি শৰ্মাৰ সৈতে তৃণমূলত যোগদান কৰাৰ ক্ষেত্ৰত যোগাযোগ ৰাখি আহিছিল বুলি সুত্ৰটোৱে কয়। লগতে তেওঁক তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱা হৈছিল বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে।

ইপিনে, যোৱা সপ্তাহত কলকাতালৈ গৈ পশ্চিমবংগৰ মেয়ৰ তথা তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ সৈতে আৰ পি শৰ্মাই এক আলোচনাত মিলিত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে ২৫ মে’ৰ দিনাই শৰ্মাক দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ’ব বুলি সুত্ৰটোৱে আমাৰ আগত কয়। বৰ্তমান দলটোৰ ৰাজ্যিক সভাপতি হিচাপে আছে প্ৰাক্তন বিধায়ক গোপীনাথ দাস।

আৰ পি শৰ্মাৰ নেতৃত্বত অসমত তৃণমূলৰ নতুন এক সু-দৃঢ় ভেটি গঠন কৰাৰো দাবী কৰে সুত্ৰটোৱে।

index 2
আৰ পি শৰ্মাৰ কাৰ্যালয়ত তৃণমূলৰ ৰাজ্যিক মুখপাত্ৰ ভৱানী কলিতা।

উল্লেখ্য যে, যোৱা ১৬ মাৰ্চৰ দিনা এক ফেইচবুক পোষ্টযোগে ২৯ বছৰ বিজেপি দলৰ হৈ কাম কৰি অহা আৰ পি শৰ্মাই তেওঁৰ নামটো ৰাজ্যিক সমিতিয়ে প্ৰাৰ্থী পেনেলত অন্তৰ্ভুক্ত নকৰাৰ ক্ষোভত দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে, তৃণমূল কংগ্ৰেছত শৰ্মাই যোগদান কৰিব নে নাই এই কথা তেওঁ নিজ মুখেৰে বৰ্তমানলৈকে প্ৰকাশ কৰা নাই। তেওঁৰ সৈতে টেলিফোনিক যোগাযোগৰ চেষ্টা কৰা হৈছে যদিও তেওঁক পোৱা নাই আমাৰ সাংবাদিকে।

আনহাতে, অগপ দলৰ এগৰাকী শীৰ্ষ তথা জ্যেষ্ঠ নেতাইয়ো তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে আলোচনা চলাই থকাৰ কথা জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd