NORTHEAST NOW (Assamese)

ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ নামত প্ৰতাৰণা: ৰাভা জাতীয় সংগঠনৰ জোৰ সমদল

April 3, 2022 9:08 am · নীলমণি শৰ্মা, কৃষ্ণাই

চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত তিনি ৰাভা জাতীয় সংগঠন ক্ৰমে আৰছু, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ঘোষণা কৰা দুমহীয়া আন্দোলনৰ কাৰ্যসূচী শনিবাৰে জোঁৰ সমদলৰে আৰম্ভণি কৰে৷

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জিৰাতো ৰাভা জাতীয় সংগঠন তিনিটাৰ আঞ্চলিক সমিতি সমূহে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷

জিৰা আঞ্চলিকৰ কঠালগুৰিৰ পৰা নিখিল ৰাভা ছাত্ৰ সন্থা ,ৰাভা মহিলা পৰিষদ আৰু ৬ষ্ঠ অনুসূচী দাবী সমিতিৰ কেইবা শতাধিক সদস্যই আজিৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে৷

চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে কৃষ্ণাইৰ আকাশ বতাহ উত্তাল কৰি তোলে সংগঠন কেইটাই৷

যোৱা প্ৰায় ছয়টা বছৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে ৰাভা হাছঙক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিলৈ দিঠকত পৰিণত কৰা নাই বুলি অভিযোগ কৰে ৰাভা জাতীয় সংগঠন কেইটাই।

ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাভা হাছং পৰিষদ খনক ষষ্ঠ অনুসূচী প্ৰদানৰ বাবে কালিৰে পৰা দুমহীয়াকৈ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে গোৱালপাৰা জিলাৰ তিনি ৰাভা জাতীয় সংগঠনে৷

Related News