• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আজি নিৰ্ণয় হ’ব ইমৰান খানৰ প্ৰধানমন্ত্ৰী আসনৰ ভৱিষ্যত: সমৰ্থকক শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2022 10:39 am
No-trust motion against Imran Khan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া ৰাজনৈতিক অস্থিৰতাৰ ফলস্বৰূপে ক্ষমতাচ্যুত হোৱাৰ পূৰ্ণ সম্ভাৱনা গা কৰি উঠা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আজি নেচনেল এচেম্বলীত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’বলৈ সাজু হৈছে।

ইতিমধ্যে ইমৰান খান চৰকাৰৰ অন্যতম মিত্ৰশক্তিয়ে সংগ ত্যাগ কৰাৰ পিছত ইমৰান খান নেতৃত্বাধীন চৰকাৰৰ খনৰ পতন নিশ্চিত হৈছে। তাৰ পিছতো অৱশ্যে আশা এৰা নাই প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰান খানে দাবী কৰিছে যে আজি অনুষ্ঠিত হ’বলগীয়া অনাস্থা ভোটৰ বাবে তেওঁৰ ওচৰত একাধিক পৰিকল্পনা আছে।

Apply Now

শনিবাৰে এক বিবৃতিৰ ইমৰান খানে কয়, “একেবাৰে চিন্তা নকৰিব। এজন অধিনায়কৰ সদায়ে এটা পৰিকল্পনা থাকে। মোৰ ওচৰত একাধিক পৰিকল্পনা আছে। ঈশ্বৰে ইচ্ছা কৰিলে, আমি কাইলৈ জিকিম। মই তেওঁলোকক বিধানসভাত পৰাজিত কৰিম।”

চলিত সপ্তাহৰ আৰম্ভণিতে ইমৰান খান চৰকাৰৰ মুখ্য সহযোগী মুত্তাহিদা কৌমি মুভমেণ্ট-পাকিস্তান (এমকিউএমপি)য়ে বিৰোধীপক্ষক সমৰ্থন আগবঢ়োৱাৰ পিছত সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল।

পাকিস্তানী নেচনেল এচেম্বলীৰ মুঠ সদস্যৰ সংখ্যা ৩৪২ জন। আনহাতে সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজনীয় সংখ্যা ১৭২। ইমৰান খান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সফল হোৱাৰ বাবে বিৰোধীয়ে প্ৰয়োজনীয় সংখ্যা লাভ কৰিছে বুলি দাবী কৰিছে।

পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মুখীন হোৱা এনে অস্থিৰতাক বিদেশী ষড়যন্ত্ৰ আখ্যা দিছে। এই ষড়যন্ত্ৰত পাকিস্তানৰ কিছুমান ৰাজনীতিবিদে সহায় কৰি আছে বুলি অভিযোগ কৰিছে খানে।

ইমৰান খানে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ৰচনা কৰা এই বিদেশী ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ পাকিস্তানৰ যুৱক-যুৱতীসকলক শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয়, “এই মুহূৰ্তত চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে আৰু প্ৰমাণিত হৈছে যে ৰাজনীতিবিদসকলক চৰকাৰ খন উৎখাত কৰিবলৈ ছাগলীৰ দৰে ক্ৰয় কৰা হৈছে।”

“চৰকাৰী দস্তাবেজত কোৱা হৈছে যে যদি পাকিস্তানে ইমৰান খানক আঁতৰ কৰে, আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক উন্নত হ’ব।” তেওঁ কয়।

“মই বিচাৰো যে আপোনালোক আজি আৰু কাইলৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰক। শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে ওলাই আহক।” ইমৰান খানে শনিবাৰে কয়।

আনহাতে প্ৰতিবাদকাৰীসকলক পাকিস্তান সেনাক সমালোচনা নকৰিবলৈও তেওঁ আহ্বান জনায়। পাকিস্তান সেনাৰ সৈতে তেওঁৰ বিবাদৰ অভিযোগো খাৰিজ কৰে খানে।

তেওঁ কয়, “সেনাৰ সৈতে মোৰ কোনো বিভেদ নাই। সেনাই নিৰপেক্ষ হৈ থকাৰ সিদ্ধান্ত লৈছিল আৰু আমি এই সিদ্ধান্তক সন্মান কৰোঁ।”

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইমৰান খানে কয় যে পাকিস্তান সামৰিক বাহিনীয়ে তেওঁক তিনিটা বিকল্প দিছিল – অনাস্থা ভোট, আগতীয়া নিৰ্বাচন বা প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ।

ইমৰান খানে কয়, “মই বিশ্বাস কৰোঁ আগতীয়া নিৰ্বাচন হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। মই কেতিয়াও পদত্যাগ কৰাৰ কথা বা অনাস্থা ভোটৰ কথা ভাবিব নোৱাৰো। মই বিশ্বাস কৰোঁ যে মই শেষ মুহূৰ্তলৈকে যুঁজ দিম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd