এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড! হোষ্টেলৰ ‘চিনিয়ৰ’ৰ প্ৰহাৰত কাণ বিকল হ’ল ছাত্ৰৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহি আছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংৰ নামত চলা অকথ্য নিৰ্যাতনৰ আন এক তথ্য পোহৰলৈ আহিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC 3 হোষ্টেলত ৰেগিঙৰ বলি হৈ ঘুনীয়া হৈছে গোৱালপাৰা জিলাৰ শিমলিতোলা অঞ্চলৰ ভেৰভেৰি গাঁওৰ হজৰত আলী নামৰ ছাত্ৰ গৰাকী।

চুপাৰ ছিনিয়ৰ আৰু লগৰীয়াৰ প্ৰহাৰত কাণ বিকল হৈ পৰিছে ছাত্রগৰাকীৰ। আনহাতে, কৰ্তৃপক্ষই জানিও ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে।

লগতে পঢ়ক: বিষাক্ত সম্পৰ্ক! স্বামীক লাহে লাহে বিষ দি হত্যা; প্ৰেমিকক লগত লৈ ষড়যন্ত্ৰ পত্নীৰ

ৰাজ্যত তোলপাৰ লগোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাঞ্চল্যকৰ ৰেগিং কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰৰ দ্বাৰা ৰেগিঙৰ অত্যাচাৰত আত্মহত্যাৰ চেষ্টা চলাই বৰ্তমান চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মা নামৰ ছাত্ৰগৰাকী আতিশয্য চলোৱাৰ অভিযোগত অভিযুক্ত চাৰিগৰাকী ছাত্ৰক বহিষ্কাৰ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এগৰাকী অভিযুক্ত কল্যাণ দত্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

ইয়াৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত আন এক ৰেগিং কাণ্ডৰ কথাও পোহৰলৈ আহে। কনিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত অভিযুক্ত দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক দোষী সাব্যস্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

লগতে পঢ়ক: দিনৰ পোহৰতে কুখ্যাত গেংষ্টাৰক গুলীয়াই হত্যা; দুৰ্বৃত্তৰ গুলীত এজন পথচাৰীও নিহত

দুই অভিযুক্ত ছাত্ৰক দোষী সাব্যস্ত কৰি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰদ্বয়ক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰিছে।

সেইদৰে, ঐতিহাসিক যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়তো ১২গৰাকী ছাত্ৰৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত যোৰহাট সদৰ আৰক্ষী থানাত অভিযুক্ত ছাত্ৰকেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

ৰেগিঙৰ বলি হোৱা ছাত্ৰজন প্ৰণৱজ্যোতি চেতিয়া বুলি বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়খনৰ প্ৰথম ষান্মাসিকত অধ্যয়ন কৰা প্ৰণৱজ্যোতি চেতিয়াক শাৰিৰীক আৰু মানসিকভাৱে ছাত্ৰকেইগৰাকীয়ে দীৰ্ঘদিন ধৰি হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে  ছাত্ৰগৰাকীয়ে।

লগতে পঢ়ক: তামিলনাডুত ৩৩ বছৰীয়া ব্যক্তিৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ৪ জন শ্ৰমিক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ পিছতে বিভিন্ন মহাবিদ্যালয়ত ঘটা ৰেগিং কাণ্ডৰ বিষয়ে তথ্য পোহৰলৈ আহিবলৈ লৈছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়তো তেনে ঘটনাৰ পুনৰাবৃত্তিয়ে স্বাভাৱিকতে বৌদ্ধিক মহলক সচকিত কৰি তুলিছে।