NORTHEAST NOW (Assamese)

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

June 4, 2025 2:26 pm · এন ই নাও নিউজ, গুৱাহাটী

২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত কৰিবলৈ হ’লে অৰ্থনৈতিক বিকাশৰ হাৰ ৮-৯ শতাংশ হ’ব লাগে। এই কথা কয় অৰ্থনীতিবিদ তথা আৰ বি আইৰ প্ৰাক্তন ৰাজ্যপাল ৰঘুৰাম ৰাজনে অল ইণ্ডিয়া মিডিয়াক দিয়া এক সাক্ষাৎকাৰত। তেওঁ কয়, “ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ। কিন্তু এই হাৰ আৰু বৃদ্ধি কৰিব লাগিব। এয়া আদৰ্শ সময়। দেশত অধিক নতুন বিনিয়োগ আনিব লাগিব। লগতে ব্যৱসায়ৰ গতি আৰু অধিক বৃদ্ধি কৰিব লাগিব। বুলি মত প্ৰকাশ কৰে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশ। বিগত চাৰি বছৰৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ লেহেমীয়া বৃদ্ধি। বিবৃতিটোত উল্লেখ কৰা হৈছে যে ২০২৪-২৫ চনৰ বাবে বাস্তৱিক জিডিপি ৬.৫ শতাংশ। আনহাতে নামমাত্ৰ জিডিপি ৯.৮ শতাংশ। অৱশ্যে ৯.৯ শতাংশ হ’ব বুলি অনুমানহে কৰা হৈছে।

ইফালে চতুৰ্থ ত্ৰৈমাসিকত গোটেই বছৰৰ তুলনাত অৰ্থনৈতিক বিকাশ ৭.৪ শতাংশ। যিটো বছৰৰ বাকী ত্ৰৈমাসিকৰ পৰিসংখ্যাৰ তুলনাত আটাইতকৈ দ্ৰুত। এইবাৰ পূৰ্বৰ বছৰৰ তুলনাত কম বৃদ্ধিৰ অৰ্থ হ’ল সামগ্ৰিকভাৱে অৰ্থনৈতিক কাৰ্যকলাপ কাৰ্যতঃ লেহেমীয়া হৈছে। কিন্তু মহামাৰীৰ পিছৰ বছৰবোৰত অৰ্থনৈতিক বিকাশ দেখা গৈছিল। কিন্তু এনে পৰিস্থিতিতো ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ হৈয়েই আছে।

কিছুদিন পূৰ্বে ৰাষ্ট্ৰসংঘৰ বিবৃতিত উল্লেখ কৰিছিল যে এক এই বছৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা প্ৰকাশ কৰিছিল। অৱশ্যে মাত্ৰ ৬.৫ শতাংশহে বৃদ্ধিৰ হাৰ দেখিবলৈ পোৱা গৈছে।

Related News