সলনি নহ’ল ইতিহাস! ৰাছেল-ৰাণাৰ দুৰ্দান্ত প্ৰদৰ্শেনেও মুম্বাইৰ বিৰুদ্ধে জিকাব নোৱাৰিলে কলকাতাক

KKR vs MI

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আইপিএলত নিজৰ অতীত ইতিহাস সলনি কৰাৰ ক্ষেত্ৰত আকৌ এবাৰ মুখথেকেচা খালে কলকাতা নাইট ৰাইডাৰ্ছে।

মঙলবাৰে সন্ধিয়া অনুষ্ঠিত আইপিএলৰ মেচখনত নীতিশ ৰাণাৰ পৰাক্ৰম দেখি কলকাতাই বিজয়ৰ সোৱাদ পাব বুলি আশা কৰি থাকোতেই ছন্দপতন ঘটিল কলকাতাৰ।

ৰাহুল চাহাৰৰ কৌশলী বলিঙত নীতিশ ৰাণা পেভলিয়নলৈ ওভতাৰ পথতে সকলো সমীকৰণ উলটি গ’ল। আৰু পৰিণতিত আকৌ এবাৰ মুম্বাইৰ বিৰুদ্ধে পৰাজয়ৰ ইতিহাস দোহাৰিলে কলকাতাই।

টছত জয় লাভ কৰি কলকাতাৰ অধিনায়ক ইয়ন মৰ্গানে ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু সেয়া বাস্তৱত শুদ্ধ বুলি প্ৰমানিতও হয়।

আন্দ্ৰে ৰাছেলে মুম্বাইৰ ইনিংছ প্ৰায় তচনচ কৰি পেলায়। কেৰিবিয়ান তাৰকাগৰাকীয়ে ইয়াৰ জৰিয়তে এক অনন্য অভিলেখো গঢ়ে। তেওঁ মাত্ৰ ১২ ৰাণৰ বিনিময়ত কিৰেন পোলাৰ্ড, ক্ৰুণাল পাণ্ডিয়া, মাৰ্কো জনছন, বুমৰাহ আৰু চাহাৰৰ উইকেট দখল কৰে।

আইপিএলত ইশান্ত শৰ্মাৰ পাছত ১২ৰাণত ৫টা উইকেট দখল কৰা অভিলেখ গঢ়ে ৰাছেলে। পেট কামিন্সে লয় দুটা উইকেট।

মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদবৰ বাহিৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বলিঙৰ সন্মুখত আন কোনোৱে তিষ্ঠিব নোৱাৰিলে।

মুম্বাইয়ে তেওঁলোকৰ নিৰ্দিষ্ট ২০ অভাৰত ১৫২ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতাই ৭টা উইকেট হেৰুৱাই ১৪২ৰাণতে ইনিংছ সামৰে।

নীতিশ ৰাণাই ৫৭ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলিলে যদিও সেয়া জয়ৰ বাবে পৰ্যাপ্ত নহ’ল। ফৰ্মত থকা ৰাণাক পেভলিয়নলৈ পঠিয়াই মেচখন মুম্বাইৰ হাতলৈ নিয়ে চাহাৰে।

লেগ স্পীনাৰ চাহাৰে চাৰিটা উইকেট দখল কৰি কে কে আৰৰ বেটিঙৰ ৰাজহাড় ভাঙি দিয়ে। কলকাতাৰ হৈ বেটিঙত আকাংখিত প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হয় ৰাছেল, কাৰ্তিক, মৰ্গান তথা চাকিবে।

অন্তিম অভাৰত ব’ল্টে দুটা উইকেট লৈ মুম্বাইৰ বিজয় নিশ্চিত কৰে। মুম্বাইয়ে হাতৰ পৰা ওলাই যোৱা মেচখন এইদৰেই ঘুৰাই আনিবলৈ সক্ষম হয়।

ইপিনে, দলৰ খেলত অসন্তুষ্ট মালিক শ্বাহৰুখ খানে নিজৰ নিৰাশা প্ৰকাশ কৰাৰ লগতে টুইট কৰি কে কে আৰৰ সমৰ্থকসকলৰ ওচৰত ক্ষমা বিচাৰে।