• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক্সিট প’লৰ জৰিয়তে শ্বেয়াৰ দুৰ্নীতিৰ অভিযোগ; জেপিচি দাবীৰে আৰম্ভণিতে মোডীক চাপত পেলালে ৰাহুলে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 7, 2024 8:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক যথেষ্ট চাপত পেলাবলৈ চেষ্টা কৰিলে। নিঃসন্দেহে এই চাপ সৃষ্টিৰ যুঁজত কংগ্ৰেছ অকলশৰীয়া নহয়। সামূহিকভাৱে সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁটে কঁকালত টঙালি বান্ধিছে।

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে এক্সিট প’লৰ জৰিয়তে দেশৰ ৫ কোটি বিনিয়োগকাৰীৰ পৰা ৩০ লাখ কোটি টকা লুটি লোৱা হৈছে। সেই লুণ্ঠনৰ আঁৰত কোন? নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পৰামৰ্শ কিয় দিছিল? মানুহক বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়াটো প্ৰধানমন্ত্ৰীৰ কাম নেকি?

কোন সেই বিদেশী বিনিয়োগকাৰী যিয়ে শ্বেয়াৰ বজাৰত মাত্ৰ ৫ কোটি টকা বিনিয়োগ কৰি মাত্ৰ এদিনতে বিপুল মুনাফা লুটি নিলে। সেই বিদেশী বিনিয়োগ কোম্পানীৰ সৈতে বিজেপিৰ নিৰ্দেশিত এক্সিট প’ল কোম্পানীটোৰ মাজত কি সম্পৰ্ক?

লগতে পঢ়কঃ নৰেন্দ্ৰ মোদীৰ সন্মুখত নীতিশ কুমাৰৰ প্ৰথম দাবী; ‘পুনৰ বিবেচনা কৰা হওক অগ্নিবীৰ আঁচনি’

ৰাহুলে কয় যে ৩০ লাখ কোটি টকাৰ এই শ্বেয়াৰ বজাৰ কেলেংকাৰিৰ বাবে যুটীয়া সংসদীয় সমিতিৰ জৰিয়তে তদন্ত বিচাৰো। এই কেলেংকাৰিৰ পৰা কোনে লাভৱান হৈছে, এই কেলেংকাৰী কেনেকৈ কৰা হৈছে, সেইয়া বিচাৰি উলিয়াব লাগিব।

এইবাৰ লোকসভা নিৰ্বাচনৰ সময়ত অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে এনডিটিভিত সাংবাদিক সঞ্জয় পুগলিয়াক সাক্ষাৎকাৰ দিয়ে। এনডিটিভি এতিয়া ক্ৰয় কৰিছে আদানি গ্ৰুপে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত আদানি গ্ৰুপৰ বিৰুদ্ধে ছেবিৰ তদন্ত চলি আছে।

সঞ্জয় পুগলিয়াক দিয়া এক সাক্ষাৎকাৰত অমিত শ্বাহে কয় যে, “৪ জুনৰ আগতে শ্বেয়াৰ কিনি লওক, ই শ্বুট আপ হ’ব”। অৰ্থাৎ হুৰহুৰাই দাম বাঢ়িব। পুনৰ প্ৰধানমন্ত্ৰীয়ে সঞ্জয় পুগলিয়াক দিয়া সাক্ষাৎকাৰতে কয় যে ৪ জুনৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত শ্বেয়াৰ বজাৰ ইমান আকাশলংঘী হ’ব যে তেওঁলোকৰ সকলো প্ৰগ্ৰেমিং বিফল হ’ব।

লগতে পঢ়কঃ ICC T20 World Cup: চলিত বিশ্বকাপত প্ৰথমটো অঘটন! ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই

ৰাহুলৰ বক্তব্য হ’ল যে প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে আদানী গ্ৰুপৰ চেনেলত দিয়া সাক্ষাৎকাৰত কিয় এই কথা ক’লে? কিয় ৫ কোটি ঘৰুৱা বিনিয়োগকাৰীক উচটনি দিলে?

ৰাহুলৰ কাষত বহি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়যে  কালক্ৰম বুজিবলৈ চেষ্টা কৰক। প্ৰথমে মোডী আৰু অমিত শ্বাহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ক’লে। ইয়াৰ পিছত এক্সিট প’লত বিজেপি উজলি উঠা দেখা গ’ল। ইয়াৰ পিছত এদিনৰ ভিতৰতে কেইবাটাও কোম্পানীয়ে ব্যৱসায় কৰি বিপুল পৰিমাণৰ ধন লুটি নিলে। আৰু দুখীয়া বিনিয়োগকাৰীসকলক কাঙাল কৰি দিলে। ইয়াত মুঠ ৩০ লাখ কোটি টকাৰ কেলেংকাৰী কৰা হৈছে।

The common people of India lost Rs 30 lakh crore in the stock market on June 4. We ask:

1. Why did the PM and HM give specific investment advice to the 5 crore families investing in the stock markets? Is it their job to give investment advice to the people?

2. Why both… pic.twitter.com/lMCkMGBHBa

— Congress (@INCIndia) June 6, 2024

তৃণমূলৰ সাংসদ চাকেট গোখেলেও একে অভিযোগ উত্থাপন কৰি ছেবিলৈ পত্ৰ লিখিছে। তেওঁৰ মতে, এক্সিছ মাই ইণ্ডিয়াই ১ জুনত ঘোষণা কৰিছিল যে এন ডি এ ৪০০ত উপনীত হ’ব পাৰে। বংগত বিজেপিয়ে লাভ কৰিব পাৰে ২৬ৰ পৰা ৩১খন আসন। শনিবাৰে এক্সিট প’লৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত সোমবাৰে শ্বেয়াৰ বজাৰত বৃহৎ উত্থান দেখা গ’ল। তৃণমূলৰ প্ৰশ্ন হ’ল, সেইদিনা এক্সিট প’লৰ সহায়ত কোনে মুনাফা লুটিলে? ইয়াৰ পিছত ৰিজাল্ট ওলোৱাৰ দিনা শ্বৰ্ট চেল কৰি পুনৰ মুনাফা লুটিলে? চাকেটে কয়, এক্সিছ মাই ইণ্ডিয়াৰ অন্যতম ক্লায়েণ্ট হৈছে বিজেপি। গতিকে আমি চাব লাগিব এই চক্ৰত কোন কাৰ সৈতে জড়িত।

কৌশলগতভাৱে কংগ্ৰেছে এতিয়া যুটীয়া সংসদীয় সমিতি গঠনৰ দাবী উত্থাপন কৰিছে। যাৰ স্পষ্ট অৰ্থ হ’ল প্ৰথম দিনাৰ পৰাই মসৃণ নহ’ব সংসদ পৰিচালনা। বিৰোধীয়ে সংসদ অচল কৰি ৰাখিব। ঠিক যেনেকৈ বিজেপিয়ে ২জি স্পেকট্ৰম গোচৰত সংসদ স্থৱিৰ কৰি ৰাখিছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd