• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোৰ বাবে নহয়, দেশৰ বাবে বিশ্বকাপ জিকি আনা; ফাইনেলৰ পূৰ্বে জনাই দিলে দ্ৰাবিড়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2024 1:25 pm
অধিনায়ক ৰোহিতৰ সৈতে প্ৰশিক্ষক দ্ৰাবিড়। ফাইল ফটোঃ সংগ্ৰহীত।

অধিনায়ক ৰোহিতৰ সৈতে প্ৰশিক্ষক দ্ৰাবিড়। ফাইল ফটোঃ সংগ্ৰহীত।

4.3k
VIEWS
Share on FacebookShare on Twitter

টী-২০ বিশ্বকাপৰ ফাইনেলখনে তেওঁৰ প্ৰশিক্ষক জীৱনৰ অন্তিমখন খেল হ’ব। শনিবাৰে কেৰিবিয়ান ভূমিত ভাৰতৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ অন্তিম ইনিংছ। তাৰপিছতে তেওঁ হৈ পৰিব এগৰাকী প্ৰাক্তন প্ৰশিক্ষক। বিদায়ৰ মুহূৰ্তটো ৰঙীণ কৰিব বিচাৰিলেও মুখেৰে প্ৰকাশ কৰা নাই ভাৰতীয় ক্ৰিকেটৰ “দ্য ৱাল”য়ে।

আগতে উইকেটত তেওঁ যেনেকৈ দেৱাল হিচাপে অৱতীৰ্ণ হৈছিল, প্ৰশিক্ষক হিচাপেও তেওঁৰ মুখত বিতৰ্কিত একো বিচাৰি পোৱা নাযায়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰেণ্ড ফাইনেল খেলৰ পূৰ্বে ভাৰতৰ প্ৰশিক্ষকৰাকীয়ে কয়, “ফাইনেল মানে ফাইনেল। ক্ৰিকেটত ৰিটেক বুলি কোনো কথা নাই, এটা বলতে সকলো শেষ। গতিকে ল’ৰাহঁতক কৈছো মেচত  ভুল যাতে খুব কম হয়। তেওঁলোক সকলোৱেই পেছাদাৰী, জানে কি কৰিলে ভাল হ’ব পাৰে, কাপ আহিব পাৰে। তেওঁলোক যুদ্ধৰ বাবে সাজু।”

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰী! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৮ জনক গ্ৰেপ্তাৰ

গ্ৰেণ্ড ফাইনেলত ভাৰতৰ প্ৰশিক্ষক হিচাপে নিজৰ ইনিংছ সামৰিব ৰাহুলে। এতিয়া ঘৰলৈ উভতি দ্ৰাবিড়ে পৰিয়ালক সময় দিব। সংবাদমেলত ৰোহিতৰ প্ৰশিক্ষকগৰাকীয়ে কয় যে “ট্ৰফী জয় কৰি মোক উৎসৰ্গা নহয়, দেশৰ বাবে কাপ জয় কৰা, মই তাকেই ল’ৰাহঁতক কৈছো। কিছুমান ক্ষেত্ৰত তেওঁলোক অধিক আৱেগিক হৈ পৰিছে।”

ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পাছত চকুলো মচি থকা দেখা গৈছিল ৰোহিতক। তাৰ আগতে এদিনীয়া বিশ্বকাপত অপৰাজিত হৈ ফাইনেলত পৰাস্ত হৈছিল। হিটমেনে হয়তো সেই ঘটনাটো মনত পেলাইছিল। প্ৰশিক্ষক দ্ৰাবিড়ো ৰোহিতৰ কাষত আছিল। ৰাহুলৰ হতাশ মুখখনো তাত ধৰা পৰিল। আহমেদাবাদৰ ফাইনেলত দ্ৰাবিড়ৰ ফালে কেমেৰা ঘুৰাওতে দেখা গৈছিল, শূন্য দৃষ্টিৰে চাই ৰৈছে।

লগতে পঢ়কঃ পৰমাণু বোমাৰ ধাৰণাৰ জন্ম পোৱা আইনষ্টাইনৰ চিঠিখন; আকাশলংঘী দামত বিক্ৰী হ’ব নিলামত

এইবাৰ সাংবাদিকসকলে সুধিছিল, এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছত, পুনৰ এখন ফাইনেল মেচ। কি ভাবিছে? সেই বিষয়ে প্ৰশিক্ষকগৰাকীয়ে কয়, “মোৰ বাবে সকলো সাধাৰণ, খেলপথাৰলৈ যোৱা, প্ৰদৰ্শন কৰা আৰু জয়ী হৈ উভতি আহা।” 

Recent News

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd