হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই

হিন্দুত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিয়েই সংসদত সোমবাৰে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলালে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, বিজেপিৰ জ্যেষ্ঠ সাংসদ নিশিকান্ত ডুবেই তেওঁক বাধা দিবলৈ বিতৰ্কত নামিব লগা হ’ল।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ জ্ঞাপন কৰি তেওঁ ভগৱান শিৱ, অভয় মুদ্ৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি শিৱৰ মূল নীতি অহিংসা বুলি কয়। কিন্তু ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে হিন্দুত্বৰ নামত সমগ্ৰ দেশতে হিংসা আৰু ঘৃণা বিয়পাইছে।

তেওঁৰ এই অভিযোগত ক্ষুব্ধ হৈ পৰে সমগ্ৰ ট্ৰেজাৰী বেঞ্চ। শাসক-বিৰোধী দলৰ মাজত তুমুল বাক্-বিতণ্ডা আৰম্ভ হয়। কেইবাবাৰো বক্তব্য বন্ধ কৰি দিব লগা হ’ল ৰাহুল গান্ধীয়ে।

ৰাহুলৰ ভাষণৰ প্ৰতিটো শব্দই বিজেপিৰ হিন্দুত্বক বিন্ধিলে। আনকি, ৰাহুল গান্ধীয়ে অধ্যক্ষকো ৰেহাই নিদিলে। অধ্যক্ষক সম্বোধন কৰি তেওঁ কয়, ‘আপুনি যেতিয়া অধ্যক্ষ পদ গ্ৰহণ কৰিছিল, তেতিয়া মই আপোনাৰ সৈতে চকীলৈকে গৈছিলো। লোকসভাত আপোনাৰ কথাই চূড়ান্ত। আপুনি যি কয় সেইটোৱে মূলতঃ ভাৰতৰ গণতন্ত্ৰ।‘

লগতে পঢ়কঃ বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

ৰাহুল গান্ধীয়ে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কয়, “চকীত দুজন মানুহ বহি আছে। এজন অধ্যক্ষ আৰু আন এজন ওম বিৰলা। মই যেতিয়া আপোনাৰ সৈতে কৰমৰ্দন কৰোঁ, আপুনিও মোৰ লগত সেইটোৱে কৰে। কিন্তু যেতিয়া মোডী জীয়ে কৰমৰ্দন কৰে, তেতিয়া আপুনি মূৰ নত কৰে।”

সোমবাৰে সংসদত ৰাহুলৰ বক্তব্যত অস্ত্ৰ আছিল বিজেপি আৰু আৰএছএছৰ হিন্দুত্ব। সংবিধান, ভগৱান শিৱ, হজৰত মহম্মদ, যীচু খ্ৰীষ্ট আৰু গুৰু নানক হাতত লৈ ৰাহুল গান্ধীয়ে ইটোৰ পিছত সিটোকৈ প্ৰদৰ্শন কৰে। কিন্তু প্ৰতিবাৰেই সাংসদৰ টিভিৰ কেমেৰা তেওঁৰ পৰা ঘূৰাই দিয়া হৈছিল। আপত্তি কৰাৰ পিছত ৰাহুল গান্ধীক ভগৱান শিৱৰ ছবি এখন ক্ষন্তেক সময়ৰ বাবে দেখুৱাই দিয়া হ’ল।

তেওঁ কয়, ‘ভগৱান শিৱৰ ছবিখন চালে দেখিব যে হিন্দুসকলে কেতিয়াও ভয় খোৱা বা ভয় দেখুওৱাত বিশ্বাস নকৰে। একে সময়তে হিন্দু সমাজে ঘৃণা বিয়পোৱাত বিশ্বাস নকৰে। যদিও বিজেপিয়ে সদায় সমাজত ঘৃণা আৰু ভয় বিয়পাই আহিছে।‘

ৰাহুল গান্ধীয়ে ভাষণত কেইবাবাৰো ট্ৰেজাৰী বেঞ্চলৈ আঙুলিয়াই কয়, ভয় নকৰিব, ভয় বিয়পাই নিদিব। তেওঁ মন্তব্য কৰে যে প্ৰতিজন মহাপুৰুষ আৰু দেৱতাই সমাজখনক অহিংসা আৰু প্ৰেমৰ বাৰ্তা দিছিল।

লগতে পঢ়কঃসংসদত কোনে বন্ধ কৰিছিল ৰাহুল গান্ধীৰ মাইক? স্পষ্ট কৰিলে ওম বিৰলাই

ৰাহুল গান্ধীৰ ভাষাত ‘অভয় মুদ্ৰা কংগ্ৰেছৰ প্ৰতীক। ই সুৰক্ষাৰ প্ৰতীক, যিয়ে ভয় দূৰ কৰে আৰু হিন্দু, বৌদ্ধ, ইছলাম, শিখ আৰু অন্যান্য ভাৰতীয় ধৰ্মক ঐশ্বৰিক সুৰক্ষা প্ৰদান কৰে।’

ট্ৰেজাৰী বেঞ্চৰ পৰা অহৰহ বাধা দিলেও ৰাহুলক ৰখাব নোৱাৰিলে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণৰ সুৰ আৰু তীব্ৰতৰ কৰি তুলি তেওঁ কয় যে ‘আমাৰ মহাপুৰুষসকলে আমাক ভয় আঁতৰাই অহিংসাৰ পথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে। অৱশ্যে সদায় নিজকে হিন্দু বুলি দাবী কৰাসকলৰ মুখত কেৱল ঘৃণা আৰু হিংসাহে দেখা যায়। আপোনালোক হিন্দুৱে নহয়।’

প্ৰধানমন্ত্ৰী মোডীয়ে ৰাহুল গান্ধীৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখত অস্থিৰ শাসক শিবিৰটোক শক্তিশালী কৰিবলৈ অনুশীলনত নামে। তেওঁ ক’লে, ‘সমগ্ৰ হিন্দু সমাজখনক হিংসাত্মক আখ্যা দিয়া হৈছে। এইটো এটা অতি গুৰুতৰ অভিযোগ।” অৱশ্যে ৰাহুল গান্ধীয়ে তাৰ উত্তৰ দি কয়, ‘প্ৰধানমন্ত্ৰী মোডী, বিজেপি আৰু সংঘ পৰিয়াল মানেই সমগ্ৰ হিন্দু সমাজ নহয়।’

লগতে পঢ়কঃ২৪ বছৰ পুৰণি গোচৰৰ বাবে পৰিবেশকৰ্মী মেধা পাটকাৰক ৫ মাহৰ কাৰাদণ্ড

প্ৰধানমন্ত্ৰীৰ পিছতে অমিত শ্বাহ, ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি বিজেপি সাংসদসকলে জৰুৰী অৱস্থাকে ধৰি বিভিন্ন বিষয়কলৈ ৰাহুল গান্ধীৰ বিৰোধিতা কৰে। লগতে বিৰোধী নেতাগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়।