ইণ্টাৰনেটত ঘৃণা-বিদ্বেষৰ বলি হোৱা মহম্মদ ছামিৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে

Rahul Gandhi Backed Mohammed Shami

যোৱা ২৪ অক্টোবৰত টি-২০ বিশ্বকাপৰ প্ৰথম মেচত পাকিস্তানৰ বিপক্ষে পৰাস্ত হয় ভাৰত। নিশ্চিতভাৱে ভাৰতৰ পৰাজয়ত আশাহত হয় ভাৰতীয় ক্ৰিকেট দলৰ অনুগামী ক্ৰীড়াপ্ৰেমী সকল।

কিন্তু তাৰ মাজতে এচাম ধৰ্মান্ধ আৰু ক্ৰীড়াৰ মূল্য বুজি নোপোৱা এচাম সাময়িক অনুগামীয়ে ইণ্টাৰনেটত আক্ৰমণৰ লক্ষ্য কৰি লয় ভাৰতীয় বেগী বলাৰ মহম্মদ ছামিক।

বিভিন্ন ঘৃণা-বিদ্বেষমূলক বাক্যৰে মহম্মদ ছামিক ইণ্টাৰনেটত আক্ৰমণ কৰে এচাম ক্ষণস্থায়ী অনুগামী তথা ধৰ্মান্ধ লোকে। মহম্মদ ছামিক ভাৰত এৰি পাকিস্তানলৈ যাবলৈও ভাবুকি দিয়ে এই সকল লোকে।

মূলতঃ ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই মহম্মদ ছামি আক্ৰমণৰ লক্ষ্য হৈ পৰা দেখিবলৈ পোৱা যায়।

এনেদৰে অনলাইন মাধ্যমত বৈষম্য-ভাবুকিৰ বলি হোৱা তাৰকা বলাৰগৰাকীৰ কাষত থিয় দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। সামাজিক মাধ্যমত ঘৃণা-বিদ্বেষী সকলক সমালোচনা কৰিছে কংগ্ৰেছৰ নেতাগৰাকীয়ে।

এটা টুইটত ৰাহুল গান্ধীয়ে ছামীক সমৰ্থন কৰে আৰু সমগ্ৰ দেশে তেওঁক কেনেদৰে ভাল পায় সেয়া প্ৰকাশ কৰে। তেওঁ লগতে পেচাৰজনক ছ’চিয়েল মিডিয়াত ঘৃণা বিদ্বেষী সকলক ক্ষমা কৰিবলৈ আহ্বান জনাই।

টুইটটোত তেওঁ লিখে, “মহম্মদ ছামি, আমি সকলো আপোনাৰ সৈতে আছো। এই লোকসকল ঘৃণাৰে ভৰি আছে কাৰণ কোনেও তেওঁলোকক কোনো প্ৰেম নিদিয়ে। তেওঁলোকক ক্ষমা কৰক।”

 

সৌভাগ্যক্ৰমে, দেশৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাৰতীয় পেচাৰগৰাকীৰ কাষত স্থিতি গ্ৰহণ কৰিছে। ৰাজনৈতিক নেতা উমৰ আব্দুলা, আছাডুদ্দিন ওৱেইছিৰ লগতে ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, ইৰফান পাঠান, ভিভিএছ লক্ষ্মণ, যুজবেন্দ্ৰ চাহালে মহম্মদ ছামীৰ প্ৰতি তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।