NORTHEAST NOW (Assamese)

নিৰ্বাচনত বিজেপিক সহায় ফেচবুকৰ, যুটীয়া সংসদীয় সমিতিৰ তদন্ত দাবী ৰাহুল গান্ধীৰ

August 17, 2020 8:43 am · এন ই নাও নিউজ
Updated: August 17, 2020 1:47 pm

ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মাধ্যম ফেচবুকে নিৰ্বাচনত বিজেপিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী জনালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।

শেহতীয়াকৈ আমেৰিকাৰ পৰা প্ৰকাশিত ৱালষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনৰ আধাৰত ৰাহুল গান্ধীয়ে কয় যে সংবাদপত্ৰ খনত স্পষ্ট ভাবে কোৱা হৈছে যে নিৰ্বাচনৰ সময়ত বিজেপিক সহায় কৰাৰ লক্ষ্যৰেই ফেচবুক ইণ্ডিয়াই ফেচবুকৰ পৰা বিজেপি নেতাৰ ঘৃণা বিয়পাই দিব পৰা বক্তব্য আঁতৰাই পেলোৱা নাছিল।

আমেৰিকাৰ সংবাদ মাধ্যমে কৰা এনে অভিযোগ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতত ফেচবুক আৰু ৱাটছএপক বিজেপি তথা আৰএছএছে নিয়ন্ত্ৰণ কৰি আহিছে।

এয়া ভয়াৱহ কথা বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰে ৰাহুলে।

তেওঁ লগতে কয় যে ফেচবুক ইণ্ডিয়াৰ দায়িত্বত থকা আঁখি দাস নামৰ মহিলা গৰাকীয়ে নিৰ্বাচনৰ সময়ত বিজেপি নেতাই কৰা ঘৃণা ভৰা মন্তব্য বোৰ ফেচবুকৰ পৰা আঁতৰাই পেলাবলৈ অস্বীকাৰ কৰিছিল।

তেওঁ ফেচবুকৰ নীতি উলংঘা কৰি আৰএছএছ-বিজেপিৰ নিৰ্দেশতে তেনে কৰা বুলি ৰাহুলে অভিযোগ কৰে।

ইপিনে ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কৈছে যে ৰাহুল গান্ধীয়ে নিজৰ দলটোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই,তেওঁ সেয়ে ফেচবুক কোনে নিয়ন্ত্ৰণ কৰিছে সেয়া কোৱাৰ অধিকাৰ নাই।

Related News