• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 10:45 am
49
VIEWS
Share on FacebookShare on Twitter

সংসদীয় অধিৱেশনৰ সময়ত নিজৰ মাজত সমন্বয় বজাই ৰাখি চৰকাৰক কোণত ৰখাৰ ষড়যন্ত্ৰ কৰিছে ভাৰতীয় মিত্ৰজোঁটে। তথাপিও লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ মিত্ৰশক্তি চিপিএমৰ বিৰুদ্ধেই আক্ৰমণাত্মক হৈছে। যিসকল মতাদৰ্শগতভাৱে সম্পূৰ্ণ বিজেপি বিৰোধী। ৰাহুল গান্ধীয়ে কয় যে চিপিএম আৰু সংঘৰ মাজত বিশেষ পাৰ্থক্য নাই। তেওঁলোকৰ কোনো এজনৰ মানুহৰ প্ৰতি কোনো সহানুভূতি নাই।

শনিবাৰে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ ভাৰ্চুৱেল বৈঠকৰ পূৰ্বে ৰাহুল গান্ধীৰ মন্তব্যক লৈ পোহৰলৈ আহে কংগ্ৰেছ আৰু চি পি আই (এম)ৰ মাজত সংঘাত। কেৰালাৰ কোট্টায়মত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুলে কয়, “মই আৰ এছ এছ আৰু চি পি আই (এম)ৰ বিৰুদ্ধে মতাদৰ্শগত যুদ্ধ চলাই আছো। মই মতাদৰ্শৰ ফ্ৰণ্টত তেওঁলোকৰ বিৰোধিতা কৰিছো। মোৰ আটাইতকৈ ডাঙৰ অভিযোগ যে তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি কোনো সহানুভূতি নাই। আপুনি যিমানেই ভাষণ নকৰক কিয়, যদি আপোনাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি নাথাকে, যদি আপোনাৰ জনসাধাৰণক আঁকোৱালি লোৱাৰ হৃদয় নাই, তেন্তে আপুনি এজন প্ৰকৃত নেতা হ’ব নোৱাৰে।”

ৰাহুলৰ এই মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিএমে। এক বিবৃতিত দলটোৱে কয়, “ৰাহুল গান্ধীয়ে আৰ এছ এছ আৰু চি পি আই (এম)ৰ মাজত তুলনা কৰি এক হাস্যকৰ আৰু নিন্দনীয় মন্তব্য কৰিছে। কেৰেলাত আৰএছএছৰ বিৰুদ্ধে প্ৰকৃত যুঁজখন কোনে যুঁজি আছে সেই কথা তেওঁ পাহৰি গৈছে। গেৰুৱা সন্ত্ৰাস বন্ধ কৰিবলৈ চেষ্টা কৰি চিপিআইএমৰ বহু শ্ৰমিক হেৰুৱাইছে। তথাপিও কেৰেলাত কংগ্ৰেছ আৰু আৰএছএছে প্ৰায়ে একে ভাষাত কথা কয়, কমিউনিজিমৰ বিৰোধিতা কৰি এক বাহিনীত মিলিত ৰাহুল গান্ধীয়েও কেৰেলাত ভৰি দিয়াৰ লগে লগে সেই সুৰত কথা ক’বলৈ আৰম্ভ কৰিলে।”

অৱশ্যে ৰাহুলৰ মন্তব্যৰ পিছতো ইণ্ডিয়া মিত্ৰজোঁটৰ মঞ্চত দেখা গ’ল চিপিএমক। শনিবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ ভাৰ্চুৱেল বৈঠকত উপস্থিত থাকে চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবী। অৱশ্যে চিপিআই নেতা ডি ৰাজাই ৰাহুলক নাম প্ৰকাশ নকৰাকৈ সকীয়াই দি কয় যে, “সমালোচনাৰ সীমা থাকিব লাগে। এনে মন্তব্যই ভুল বাৰ্তা প্ৰেৰণ কৰে।”

Recent News

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd