NORTHEAST NOW (Assamese)

গাত ৰঙা কামিজ, হাতত ‘বেজ’, দিল্লীৰ ৰাজপথত ছুটকেছ লৈ ‘কুলী’ ৰাহুল

September 21, 2023 2:49 pm · এন ই নাও নিউজ, নতুন দিল্লী

এইবাৰ কুলিৰ বেশত ৰাহুল গান্ধী। কংগ্ৰেছৰ সাংসদগৰাকীয়ে কুলিৰ সাজ পিন্ধি মূৰত ছুটকেছ লৈ দিল্লীৰ পথত খোজ কাঢ়িছিল। ৰঙা কাপোৰ পিন্ধি তেওঁ কুলীসকল বাবে নিৰ্দ্ধাৰিত পিতলৰ বেজো হাতত বান্ধিছিল। ৱেনাড়ৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে হাঁহি হাঁহি কিছু সময় বোজা কঢ়িয়াই নিছিল। তাৰ পিছত দিল্লীৰ আনন্দ বিহাৰৰ কুলীৰ লগত তেওঁক ভাৱ বিনিময় কৰা দেখা গ’ল।

উল্লেখ্য যে কংগ্ৰেছৰ সাংসদগৰাকীয়ে ইয়াৰ পূৰ্বেও ট্ৰাক চালক আৰু কৃষকৰ সৈতে কথা পাতিবলৈ গৈ  তেওঁলোকৰ কামত হাত ধৰা দেখা গৈছিল।

বৃহস্পতিবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰৰ আই এছ বি টিত উপস্থিত হয় ৰাহুলে। তাত উপস্থিত কুলীৰ দল এটাৰ লগত তেওঁ কথা পাতিবলৈ লয়।

কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কৰ্মক্ষেত্ৰত কি কি সমস্যা হৈছে সেই সম্পৰ্কে কুলীৰ সৈতে বহু সময় আলোচনা কৰে। ইয়াৰ পিছত কুলীৰ বাবে নিৰ্দিষ্ট ৰঙা কাপোৰ পিন্ধি লয়। হাতত বান্ধি লয় বেজ। উল্লেখ্য যে কুলিসকলে নিজৰ নম্বৰ মনত ৰাখিবলৈ এই পিতলৰ বেজটো হাতত বান্ধি লয়।

তাৰ পিছত এইদৰে আন কুলীবোৰৰ ভিৰৰ সৈতে আগুৱাই যাবলৈ ধৰে ৰাহুলে। তেওঁৰ সংগী কুলীসকলে ‘ৰাহুল গান্ধী জিন্দাবাদ’ৰ শ্লোগান দিয়ে।

ইয়াৰ পিছত নীলা ৰঙৰ ছুটকেছ এটা ৰাহুলৰ ফালে এজনে আগবঢ়াই দিয়ে। হাঁহি এটা মাৰি তেওঁ ছুটকেছটো মূৰত তুলি ল’লে। কংগ্ৰেছ সাংসদগৰাকীয়ে কিছু দূৰলৈ ছুটকেছটো কঢ়িয়াই লৈ যায়। সেই মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

কংগ্ৰেছে কৈছে যে কিছুদিন পূৰ্বে দিল্লীৰ কুলীসকলে ৰাহুলক লগ কৰিব বিচাৰিছিল। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ৰে’ল ষ্টেশ্যনলৈ গৈছিল কংগ্ৰেছৰ সাংসদগৰাকী।

Related News