NORTHEAST NOW (Assamese)

কাইলৈ চুৰাট আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰাৰ সম্ভাৱনা ৰাহুল গান্ধীৰ

April 2, 2023 5:19 pm · এন ই নাও নিউজ, গুৱাহাটী

চাৰি বছৰ পুৰণি মানহানিৰ গোচৰত বিগত মাহত গুজৰাটৰ চুৰাট আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছত কাইলৈ এই ৰায়ৰ বিৰুদ্ধে চুৰাট আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ নেতাগৰাকী।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীয়ে ব্যক্তিগতভাৱে আদালতত হাজিৰ হৈ নিজকে নিৰ্দোষী বুলি আবেদন কৰি চুৰাট আদালতৰ পূৰ্বৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিব।

উল্লেখ্য যে, ২০১৯ চনত কোলাৰত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধি সন্দৰ্ভত এক মন্তব্য কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে সমগ্ৰ মোদী সমাজক বদনাম কৰাৰ অভিযোগেৰে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ৰ অধীনত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে।

চুৰাট আদালতৰ এই ৰায়ৰ পাছদিনাই লোকসভা সচিবালয়ে গান্ধীক সাংসদ পদৰ বাবে অযোগ্য ঘোষণা কৰি তেওঁৰ সাংসদ পদ খাৰিজ কৰিছিল। ইয়াৰ পিছতে গান্ধীৰ সমৰ্থনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ দলে।

Related News