সকলো ইন্ধন কৰৰ ৬৮ শতাংশ নিয়ে কেন্দ্ৰই, তথাপি দায় সাৰিব খোজে প্ৰধানমন্ত্ৰীয়ে: ৰাহুল গান্ধী

ইন্ধন তেলৰ মূল্য হ্ৰাস কৰাকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশ্নৰ এইবাৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীয়ে বুধবাৰে ইন্ধন তেলৰ মূল্য বৃদ্ধিৰ দোষ একাধিক অবিজেপি ৰাজ্যৰ ওপৰত জাপি দিছিল। প্ৰধানমন্ত্ৰীৰ এই প্ৰচেষ্টাৰ প্ৰত্যুত্তৰ দিছে ৰাহুল গান্ধীয়ে।

বৃহস্পতিবাৰে এটা টুইটত ৰাহুল গান্ধীয়ে লিখিছে,’’সকলো ইন্ধন কৰৰ ৬৮শতাংশ কেন্দ্ৰই নিয়ে। তাৰ পিছতো দায়িত্ব এৰাব খোজে প্ৰধানমন্ত্ৰীয়ে।‘’

দেশজুৰি ইন্ধন তেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে। পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ পোনপটীয়াকৈ বজাৰত পৰিছে। নিত্য আৱশ্যকীয় সামগ্ৰীৰ দাম হোৰাহোৰে বাঢ়িছে। সেইদৰে যাতায়ত-পৰিবহনত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ সভাকলৈ এফালে সকলো ব্যস্ত, আনফালে মোদী মুৰ্দাবাদ ধ্বনিত কঁপিল বৰপেটা

প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ মতে পূৰ্বেই বিজেপি শাসিত ৰাজ্যসমূহে পেট্ৰ’ল-ডিজেলৰ কৰ হ্ৰাস কৰিছে। কিন্তু সেই পছত আগবঢ়া নাই মহাৰাষ্ট্ৰ, তেলেংগানী, পশ্চিমবংগ, অন্ধ্ৰ প্ৰদেশ, কেৰালা, ঝাৰখণ্ড আৰু তামিলনাডুৰ দৰে ৰাজ্যসমূহ।

বুধবাৰে এই ৰাজ্যসমূহৰ নাম উল্লেখ কৰি পেট্ৰ’ল-ডিজেলৰ কৰ ৰেহাইৰ আবেদন জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই বিষয়টো লৈয়েই এইবাৰ ৰাহুল গান্ধীয়ে মোদীক উভতি ধৰিছে।

মোদীক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে টুইটত লিখিছে,’’ইন্ধনৰ মূল্য বৃদ্ধি-দোষ ৰাজ্যসমূহৰ। কয়লাৰ নাটনি-দায়িত্ব ৰাজ্যৰ। অক্সিজেনৰ নাটনি-ৰাজ্যৰেই দোষ।সকলো ইন্ধন কৰৰ ৬৮শতাংশ কেন্দ্ৰই নিয়ে। তাৰপিছতো দায় সাৰিব খোজে প্ৰধানমন্ত্ৰীয়ে। মোদীৰ ফেডাৰেলিজম সহযোগিতাপূৰ্ণ নহয়, বলপূৰ্বকহে।‘’