NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদী আৰু জৰ্জিয়া মেলোনীৰ মেলডী টফী বিনিময়ক লৈ ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ

May 20, 2026 5:37 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ইটালী ভ্ৰমণৰ এটা বিশেষ মুহূৰ্তক লৈ দেশৰ ৰাজনীতিত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণৰ সময়ত তাৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীক মেলডীটফী উপহাৰ দিছিল। এই ঘটনাক লৈয়েই এতিয়া সৰৱ হৈ পৰিছে বিৰোধী দল। ৰাহুল গান্ধীয়ে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীক তীব্ৰভাৱে কটাক্ষ কৰা দেখা গৈছে।

ৰাহুল গান্ধীয়ে তেওঁৰ পোষ্টত লিখিছে যে বৰ্তমান দেশত এক ডাঙৰ আৰ্থিক ধুমুহাৰ সৃষ্টি হৈছে, কিন্তু আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীত গৈ টফী বিলাই ফুৰিছে। তেওঁ দেশৰ কৃষক, যুৱক-যুৱতী, মহিলা, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যাৰ কথা উল্লেখ কৰি কয় যে দেশৰ সাধাৰণ ৰাইজ এতিয়া নানা সমস্যাৰ মাজত জীয়াই আছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে হাঁহি হাঁহি ভিডিঅবনাইছে আৰু বিজেপিৰ নেতাসকলে হাত চাপৰি বজাই আনন্দ কৰিছে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ এই কাৰ্য্যক আচল নেতৃত্ব নহয়, বৰঞ্চ এক নাটক বুলিহে অভিহিত কৰিছে।

আচলতে এই গোটেই ঘটনাটো সংঘটিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণৰ সময়ত। তাত তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীক এক বিশেষ মেলডীটফীৰ পেকেট উপহাৰ হিচাপে দিছিল। ইয়াৰ পিছতে জৰ্জিয়া মেলোনীয়ে ছচিয়েল মিডিয়াত এটা ভিডিঅপষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছৰে পৰা এই মেলডী টফী সমগ্ৰ ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু ইণ্টাৰনেটত মেলডী হেচটেগটো খুব ভাইৰেল হৈ পৰে।

ভাইৰেল হোৱা সেই ভিডিঅটোত দুই দেশৰ নেতাক অতি পাতল আৰু আনন্দময় ৰূপত দেখা গৈছিল। ভিডিঅটোত নীলা ৰঙৰ চুট পিন্ধা প্ৰধানমন্ত্ৰী মোদীয়ে বগা ৰঙৰ চুট পিন্ধি থকা জৰ্জিয়া মেলোনীক টফীৰ বেগটো আগবঢ়াই দিয়া দেখা গৈছে। জৰ্জিয়া মেলোনীয়ে এই ভিডিঅক্লিপটো শ্বেয়াৰ কৰি উপহাৰৰ বাবে ধন্যবাদ বুলি লিখিছিল। এই মধুৰ মুহূৰ্তৰ ভিডিঅটো সমগ্ৰ বিশ্বতে অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী নিজৰ পাঁচখন দেশৰ ভ্ৰমণসূচীৰ একেবাৰে শেষৰটো পৰ্য্যায়ত ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হৈছিল। ৰোমত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মেলোনীৰ সৈতে তেওঁ নৈশ আহাৰ গ্ৰহণ কৰে আৰু দুয়োগৰাকী নেতাই বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও ছচিয়েল মিডিয়াযোগে জনাইছে যে তেওঁ ভাৰত আৰু ইটালীৰ বন্ধুত্বক আৰু অধিক মজবুত কৰিবলৈ আনুষ্ঠানিক আলোচনাৰ বাবে অপেক্ষা কৰি আছে। ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ নেতাই বিখ্যাত ঐতিহাসিক স্থান কলচিয়াম পৰিদৰ্শন কৰে আৰু প্ৰধানমন্ত্ৰীয়ে তাৰ সুন্দৰ ছবিসমূহো ৰাইজৰ বাবে শ্বেয়াৰ কৰে। ইটালীত থকা ভাৰতীয় সকলেও প্ৰধানমন্ত্ৰী মোদীক অতি আদৰৰে আদৰণি জনায়।

Related News