NORTHEAST NOW (Assamese)

বিজেপিয়ে দুখন ভাৰতৰ সৃষ্টি কৰিছে — এখন ধনীৰ ,আন খন সাধাৰণ লোকৰ: ৰাহুল গান্ধী

May 11, 2022 3:52 pm · এন ই নাও নিউজ,গুৱাহাটী

বিজেপিৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দুখন ভাৰত সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে ভাৰতত দুটা শ্ৰেণী সৃষ্টি কৰিছে, সেয়া হৈছে এটা ধনী লোকৰ বাবে আৰু আনটো দৰিদ্ৰলোকৰ বাবে।

ৰাহুলে কয় যে দেশৰ বিশাল সম্পদ ৰাশি মাত্ৰ কেইজনমান ধনী লোকৰ হাতত এৰি দিয়া হৈছে। বিজেপিক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়— “গুজৰাট হৈছে একমাত্ৰ ৰাজ্য য’ত আমি প্ৰতিবাদ কৰিবলৈ অনুমতি ল’ব লাগিব। জিগনেশ মেৱানীক প্ৰতিবাদ কৰাৰ বাবেই তিনি মাহৰ কাৰাবাস বিহা হৈছে। মই ক’ব বিচাৰো যে তেওঁ ১০ বছৰৰ বাবে কাৰাগাৰত থাকিলেও, ই তেওঁৰ প্ৰতিবাদী সত্ত্বাক ধ্বংস কৰিব নোৱাৰে”।

৫ মে’ত গুজৰাটৰ এখন দণ্ডাধীশ আদালতে নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানী আৰু আন নজনক পাঁচ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত কৰিছিল আৰু তেওঁলোকক ৩ মাহৰ দণ্ড বিহিছিল। গুজৰাটৰ দাহোদ জিলাত অনুষ্ঠিত জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে ৰাজ্য খনৰ শাসকীয় দল বিজেপিক পোণপটীয়াকৈ আক্ৰমণ কৰে।
তেওঁ কয়— “২০১৪ চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। তাৰ আগতে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ গুজৰাটত যি কাম আৰম্ভ কৰিছিল এতিয়া দেশত কৰি আছে। ইয়াক গুজৰাট মডেল বুলি কোৱা হয়” ।
গুজৰাট মডেলৰ প্ৰসংগ উল্লেখ কৰি ৰাহুলে কয়— “আজি দুখন ভাৰত গঢ়ি তোলা হৈছে, ধনী সকলৰ বাবে এখন ভাৰত। এই খন ভাৰতত কেইজনমান নিৰ্বাচিত লোক, বিলিয়নেয়াৰ আৰু আমোলা আছে যাৰ ক্ষমতা আৰু ধন আছে। দ্বিতীয় ভাৰত সাধাৰণ লোকৰ”।

কংগ্ৰেছ নেতাজনে লগতে কয় যে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰে জনজাতীয় লোকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে।

ৰাহুল গান্ধীয়ে কয়— “বিজেপি চৰকাৰে আপোনালোকক একো নিদিব, কিন্তু আপোনাৰ পৰা সকলো বোৰ কাঢ়ি নিব। জনজাতীয় লোকসকলে নিজৰ অধিকাৰ কাঢ়ি ল’ব লাগিব আৰু তেতিয়াহে আপোনালোকে আপোনালোকৰ অধিকাৰ লাভ কৰিব”।কংগ্ৰেছ নেতাজনে কৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলাক লৈ মোদীয়ে গ্ৰহণ কৰা স্থিতিকো সমালোচনা কৰে। মোদীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়— “মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আপোনালোকক কাহী-বাটি বজাবলৈ কৈছিল।সেই সময়তে গুজৰাটত তিনি লাখ লোকৰ কোভিডত মৃত্যু হৈছিল। গংগা নদী মৃতদেহেৰে ভৰি পৰিছিল। কৰোনাভাইৰাছৰ ফলত দেশত ৫০ ৰ পৰা ৬০ লাখ লোকৰ মৃত্যু হৈছিল” ।

Related News