কাইলৈ উত্তৰ-পূবত নিৰ্বাচনী ৰণশিঙা বজাব ৰাহুল গান্ধীয়ে

DxU8P14UcAARHXA-1140x570

ৰাহুল গান্ধীৰ ফাইল ফটো। উৎস- ইণ্টাৰনেট

নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যৰে মঙলবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী উত্তৰ-পূব ভ্ৰমণলৈ আহিব। গান্ধীয়ে অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মণিপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

কংগ্ৰেছৰ মুখপাত্ৰ ঝৰিতা লাইফালঙে প্ৰকাশ কৰা অনুসৰি দুদিনীয়া উত্তৰ-পূব ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ভালেকেইখন জনসভাৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি সকলৰ সৈতে লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনাত মিলিত হ’ব।

মঙলবাৰে ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্ক খেলপথাৰত ৰাহুল গান্ধীয়ে প্ৰথমখন জনসভাত অংশ লোৱাৰ সম্ভাৱনা আছে। সভাত অংশগ্ৰহণৰ পাছত তেওঁ অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু প্ৰতিনিধি সকলৰ সৈতে বৈঠকত অংশ লোৱাৰ কথা। ইটানগৰৰ পাছতে গান্ধী দলীয় কাম লৈ ইম্ফললৈ উৰা মাৰিব।

আনহাতে, কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে ৰাহুল গান্ধীৰ উপৰি নিৰ্বাচনৰ সময়ত ভালেকেইজন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাই উত্তৰ-পূবত প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিব।

মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছৰ দুৱাৰ সকলো জাতীয় দলৰ বাবে খোলা আছে বুলি কয়।

উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি যিকোনো প্ৰকাৰে বিজেপি-অগপৰ মিত্ৰবাহিনীক পৰাভূত কৰিব লাগিব বুলি মন্তব্য কৰে।