• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 9:31 pm
Rahul Gandhi writes letter to Modi
167
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰিল ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা। যাত্ৰাৰ বাবে শ্ৰীনগৰত উপস্থিত হোৱাৰ সময়তে স্থানীয় কাশ্মীৰী পণ্ডিতসকলক সাক্ষাৎ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

এই সাক্ষাতৰ পাছতে শেহতীয়াকৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হেঁচা প্ৰয়োগ নকৰিবলৈ আহ্বান জনাইছে।

ৰাহুল গান্ধীয়ে পত্ৰখনত উল্লেখ কৰা, ভাৰত জোড়ো যাত্ৰাৰ সময়ত কাশ্মীৰী পণ্ডিত সংগঠনৰ এগৰাকী প্ৰতিনিধিক তেওঁ লগ পায় আৰু তেওঁৰ পৰা চৰকাৰী বিষয়াসকলে কাশ্মীৰী পণ্ডিতসকলক কামৰ বাবে কাশ্মীৰলৈ উভতি যাবলৈ বাধ্য কৰিছে বুলি জানিব পাৰে।

প্ৰশাসনৰ এনে কাৰ্যক নিষ্ঠুৰ আখ্যা দি গান্ধীয়ে কাশ্মীৰী পণ্ডিতসকলক পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা অবিহনে জম্মু-কাশ্মীৰলৈ উভতি যাবলৈ জোৰ নকৰিবলৈ আহ্বান জনায়৷ আজি কংগ্ৰেছ নেতাগৰাকীয়ে টুইটাৰত এই পত্ৰখন প্ৰকাশ কৰিছে।

পত্ৰখনত গান্ধীয়ে জম্মু-কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে। তেওঁ কয় যে নিৰাপত্তাৰ নিশ্চয়তা অবিহনে কাশ্মীৰী পণ্ডিতসকলক উপত্যকালৈ উভতি যাবলৈ বাধ্য কৰাটো নিষ্ঠুৰ কাৰ্য।

 

प्रधानमंत्री जी, भारत जोड़ो यात्रा के दौरान कश्मीरी पंडितों के प्रतिनिधिमंडल ने मुझसे मिलकर अपने दुखद हालात बताए।

आतंकियों की टारगेटेड किलिंग के शिकार कश्मीरी पंडितों को बिना सुरक्षा गारंटी घाटी में जाने के लिए विवश करना निर्दयी कदम है।

आशा है, आप इस विषय में उचित कदम उठाएंगे। pic.twitter.com/1LnxDkT8i9

— Rahul Gandhi (@RahulGandhi) February 3, 2023

পৰিস্থিতিৰ উন্নতিৰ পিছতহে কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰলৈ ঘূৰি যাবলৈ কোৱা উচিত বুলি লগতে উল্লেখ কৰে। চৰকাৰে এই কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলক অন্য চৰকাৰী বিভাগত স্থান দিব পাৰে বুলি পত্ৰ যোগে আহ্বান জনায় গান্ধীয়ে।

তদুপৰি ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে কাশ্মীৰী পণ্ডিতসকলৰ প্ৰসংগত ব্যৱহাৰ কৰা ‘ভিক্ষাৰী’ৰ দৰে শব্দ অত্যন্ত দায়িত্বহীনতাৰ পৰিচয় বুলি অভিহিত কৰে। উপ-ৰাজ্যপালক এই বিষয়ত ক্ষমা খুজিবলৈ দাবী কৰি ৰাহুল গান্ধীয়ে ‘কাশ্মীৰী পণ্ডিতসকলে ভিক্ষা কৰা নাই, তেওঁলোকে নিজৰ অধিকাৰ বিচাৰিছে’ বুলি কটাক্ষ কৰে।

উল্লেখ্য যে কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলে উপত্যকাৰ বাহিৰলৈ বদলি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি তেওঁলোকৰ অনুকূল নহয় বুলি দাবী কৰি কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰলৈ ঘূৰি যাবলৈ অসন্মতি প্ৰকাশ কৰিছিল।

কিন্তু কাশ্মীৰী পণ্ডিতসকলৰ এই দাবী তথা প্ৰতিবাদক আওকাণ কৰি উপত্যকাটোৰ উপ-ৰাজ্যপাল মনোজ সিনহাই প্ৰতিবাদ কৰা কাশ্মীৰী পণ্ডিত কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ জাননী জাৰি কৰিছিল।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd