Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

কেৰালাত এছএফআইৰ (SFI) বিৰুদ্ধে ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় কংগ্ৰেছ নেতাসকলে অভিযোগ কৰিছে যে এছএফআই কৰ্মী আৰু সমৰ্থকসকলে উপস্থিত কংগ্ৰেছ কৰ্মীক নিৰ্বিচাৰে প্ৰহাৰো কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে। এই ঘটনাত বহুকেইজন আহত হৈছে।

এছএফআইয়ে অভিযোগ কৰে যে ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়ে সুৰক্ষিত অভয়াৰণ্য আৰু বনাঞ্চলৰ নিৰাপদ অঞ্চল সম্পৰ্কীয় অধিসূচনাক লৈ তেওঁৰ মুখ বন্ধ ৰাখিছে।

শুকুৰবাৰে বাওঁপন্থী ছাত্ৰ সংগঠনৰ কৰ্মী আৰু সমৰ্থকসকলে সমদল কৰে। সেই সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰে। কংগ্ৰেছে অভিযোগ কৰে যে এছএফআই কৰ্মী আৰু সমৰ্থকসকলে ৱায়ানাডৰ কালপেট্টাত ৰাহুলৰ সাংসদ কাৰ্যালয়ত প্ৰৱেশ কৰি তাণ্ডৱ চলায়।

কেৰালা বিধানসভাৰ বিৰোধী দলপতি ডি সতীচানে টুইট কৰা এটা ভিডিঅ’ত কাৰ্যালয়ৰ ভিতৰত প্ৰচণ্ড হুলস্থুল চলি থকা দেখা যায়। তাত কোনো কোনোক প্ৰহাৰ কৰাও দেখা গৈছে। কিন্তু কোনে কাক প্ৰহাৰ কৰিছে সেয়া স্পষ্ট নহয়।

সতীচানে টুইটত লাখিছে,”ৱায়ানাডত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ গুণ্ডাৰ দ্বাৰা ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। আইন-শৃংখলা চূড়ান্তভাৱে অৱনমিত হৈছে। গুণ্ডামি আছে। চিপিএম এক সংগঠিত মাফিয়া হৈ পৰিছে। মই এই আক্ৰমণক তীব্ৰ গৰিহণা দিছো।‘’

ইপিনে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰে। গোটেই ঘটনাটোত কেইবাজনো লোক আহত হয়। অঞ্চলটোত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।

এই ঘটনাক কেন্দ্র কৰি ৰাজ্যখনত কংগ্ৰেছে প্ৰতিবাদ তীব্ৰ সাৱ্যস্ত কৰিছে। মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে এই ঘটনাক নিন্দা কৰাৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে।