NORTHEAST NOW (Assamese)

পাটনাত ৰাহুলৰ মঞ্চ হালি ভাঙি পৰো পৰো অৱস্থা! নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাই কাৰণ নেকি?

May 28, 2024 8:09 am · এন ই নাও নিউজ, নতুন দিল্লী
ফটোঃ সংগ্ৰহীত।

সোমবাৰে বিহাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চাৰিখন সভা অনুষ্ঠিত কৰে। দুপৰীয়া ৰাজ্যৰ উত্তৰ প্ৰান্তৰ পাটনাৰ সমীপৰ বখতিয়াৰপুৰত এখন সভালৈ যায়। দুপৰীয়া চতুৰ্থখন বৈঠকৰ বাবে পাটনালৈ উভতি আহে। তাত কংগ্ৰেছ নেতাজনে মঞ্চত ভৰি দিয়াৰ লগে লগে মঞ্চখন অলপ এফালে হেলনীয়া হৈ পৰে।

সেইদৰে, এক বৃহৎ ঘটনাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা পাটলিপুত্ৰ সমষ্টিৰ আৰজেডি প্ৰাৰ্থী মিচা ভাৰতী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ।

মিচা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদৰ জ্যেষ্ঠ কন্যা। বৰ্তমান ৰাজ্যসভাৰ সাংসদ মিচাক পাটলিপুত্ৰ লোকসভাৰ আসনৰ বাবে মনোনীত কৰিছে লালু প্ৰসাদে। তাত বিজেপি প্ৰাৰ্থী হৈছে এসময়ৰ লালুপ্ৰসাদৰ ঘনিষ্ঠ ৰামকৃপাল যাদৱ।

লগতে পঢ়কঃ “নিৰ্বাচনী ভাষণত মিছা কথাৰে আদানীৰ ভাব মুৰ্ত্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ” – ৰাহুল গান্ধী আৰু মোদীৰ বিৰুদ্ধে আদালতত তৰা হ’ল গোচৰ

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল। সোমবাৰে ৰাহুলে মিচাৰ বাবে ৰাজহুৱা সভাত ভাষণ দিয়ে। চাৰিওখন বৈঠকতে ৰাহুলক সংগ দিয়ে আৰজেডি নেতা তেজস্বী যাদৱে। পাটনাৰ সমীপৰ পালিগঞ্জত মঞ্চত উঠাৰ লগে লগে মঞ্চখন এফালে হেলনীয়া হৈ পৰে। মিচা আৰু ৰাহুলে ইজনে সিজনক ধৰি কেনেবাকৈ পৰিস্থিতি চম্ভালি লৈ যায়। তেজস্বীও মঞ্চত উপস্থিত আছিল।

ঘটনাটো যদিও সামান্য, তথাপিও ৰাহুলৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে। দৰাচলতে যিহেতু ছোনিয়া-ৰাহুলৰ এছ পি জিৰ নিৰাপত্তা উঠাই লোৱা হৈছে, সেয়েহে তেওঁলোকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ নিয়ম বহু শিথিল হৈ পৰিছে। যেতিয়া এছ পি জিৰ নিৰাপত্তা আছিল তেতিয়া সেই এজেন্সীৰ মানুহে লোকে নিৰ্মাণৰ পৰা আৰম্ভ কৰি কোনে তাত উঠিব তালৈকে প্ৰতিটো সবিশেষ পৰীক্ষা কৰিছিল। এছ পি জিত মঞ্চৰ বোজা বহন ক্ষমতা জুখিব পৰা ব্যৱস্থা আছে। তেনেকৈয়ে তেওঁলোকে উদ্যোক্তাসকলক মঞ্চত কিমান মানুহ থাকিব পাৰে সেয়া কৈ দিয়ে।

ছোনিয়া, ৰাহুলৰ ক্ষেত্ৰত এতিয়া সেই সকলো অতীত। ২০১৯ চনত ক্ষমতালৈ অহাৰ সময়ত মোডী চৰকাৰে গান্ধী পৰিয়ালৰ পৰা এছ পি জিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল। সংসদলৈ বিধেয়কখন অহাৰ লগে লগে এই সন্দৰ্ভত থকা আইনখন বাতিল কৰা হয়।

এতিয়া চি আৰ পি এফ ৰাহুলক নিৰাপত্তা প্ৰদানৰ দায়িত্বত আছে। সেই বাহিনীটোৰ কমাণ্ডোসকলে কংগ্ৰেছ নেতাৰ নিৰাপত্তা চোৱাচিতা কৰিছিল। চি আৰ পি এফে মঞ্চৰ বোজা কঢ়িয়াব পৰা ক্ষমতা, তাত কোন থাকিব, সেইবোৰ নাচায়। অতিৰিক্ত মানুহবোৰ উঠি অহাৰ লগে লগে মঞ্চখন অলপ হেলনীয়া হৈ পৰা বুলি ধাৰণা কৰা হৈছে। বিহাৰৰ সকলো দলৰ বাবে এইটো সমস্যা। মঞ্চত উঠিবলৈ লৰালৰি কৰাটো ইয়াত এটা স্বাভাৱিক ঘটনা হৈ পৰিছে। 

Related News