আইপিএল-২০২২: পঞ্জাৱৰ বিৰুদ্ধে অন্তিম দুটা বলত ছয় কোবাই গুজৰাটক জয়ী কৰিলে তেওৱাটিয়াই

মেচৰ অন্তিম দুটা বলত দুটা ছয় মাৰি শিহৰণকাৰী মেচত গুজৰাট টাইটানছক বিজয় আনি দিয়ে অলৰাউণ্ডাৰ ৰাহুল তেওৱাটিয়াই। এইবাৰৰ আইপিএলৰ তিনিখন মেচ খেলি গুজৰাটে তিনিখনতে বিজয় লাভ কৰি ৬ পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে।

শুকুৰবাৰে মুম্বাইৰ ব্ৰেবোৰ্ণ ষ্টেডিয়ামত প্ৰথম বেটিং কৰি পঞ্জাৱ কিংছে নিৰ্দ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮৯ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাটে ৪টা উইকেটৰ বিনিময়ত ১৯০ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে।

লগতে পঢ়ক: ২০১৮ ৰ মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদক ৩১ বছৰৰ কাৰাদণ্ড

গুজৰাটৰ হৈ অপেনাৰ শুভমন গীলে ৫৯টা বলত ১২টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৯৬ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে। মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয় গীল।

অন্তিম অভাৰত গুজৰাটক জয়ৰ বাবে ১৯ৰাণৰ প্ৰয়োজন আছিল আৰু অন্তিম দুটা বলত ১২ৰাণ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছিল। কিন্তু সেই দুটা বলতেই দুটা ছয় মাৰি অবিশ্বাস্য জয় আনি দিয়ে ৰাহুল তেওৱাটিয়াই।

গুজৰাটৰ হৈ দ্বিতীয় সৰ্বোচ্চচ ৰাণ কৰে সাই সুধাশ্ৰানে। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই কৰে ২৭ৰাণ। তেওৱাটিয়াই ৩টা বলত ১৩ৰাণ কৰি দলক বিজয়ৰ সোৱাদ দিয়ে। পঞ্জাৱৰ হৈ কাগিছো ৰাৱাডাই ২টা উইকেট দখল কৰে। ৰাহুল চাহাৰে লাভ কৰে এটা উইকেট।

লগতে পঢ়ক: বিনামূলীয়া হৈ নাথাকিব কোভিডৰ বুষ্টাৰ ভেকচিন, চৰকাৰে কৰি দিলে মূল্য নিৰ্ধাৰণ

ইপিনে, টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নমা পঞ্জাৱৰ লিয়াম লিভিংষ্টোনে ২৭টা বলত ৭টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত কৰে ৬৪ৰাণ আৰু শিখৰ ধাৱানে ৩৫ৰাণ কৰে। গুজৰাটৰ হৈ ৰছিদ খানে ৪অভাৰত ২২ৰাণ দি ৩টা উইকেট আৰু নলকানন্দেই ২টা উইকেট দখল কৰে।