কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ মুক্তিৰ দাবীত ৰাইজৰ দলৰ অনশন কাৰ্যসূচী

ফটো : নৰ্থ-ইষ্ট নাও

মাঘ বিহুৰ দিনাই প্ৰতিবাদত কপিল ৰংঘৰ বাকৰি। সমগ্ৰ ৰাজ্যত মাঘ বিহুৰ আনন্দ উল্লাহৰ মাজতে আজি শিৱসাগৰত ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গ’ল।

ৰংঘৰৰ সন্মুখত পুৱা আঠ বজাৰ পৰা বিয়লি চাৰি বজালৈ আঠ ঘন্টীয়া অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে।

অখিল গগৈৰ মুক্তিৰ দাবী আৰু কা’ বাতিলৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দল শিৱসাগৰ জিলা সমিতিয়ে।

ভোগালী বিহুৰ দিনাই ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সদস্য সকলে ঐক্যবদ্ধ হৈ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

চৰকাৰৰ ভুৱা গোচৰৰ অভিযোগত কাৰাৰুদ্ধ হৈ  আছে এবছৰৰো অধিক সময় অখিল গগৈ। তেওঁৰ মুক্তিৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

শাসনাধীন চৰকাৰৰ যি শোষন ,নিস্পেষণ, অত্যাচাৰ, অনাচাৰ, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজৰ দলৰ বিষয় ববীয়া সকলে।

ভোগালীৰ মেজিৰ পৰাই ৰাইজৰ দলে পণ লৈছে অহা ২০২১ নিৰ্বাচনত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ।

অনশন কাৰ্যসূচীত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুজ্যোতি গায়ন, শিৱসাগৰ জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ লাহনকে ধৰি বহু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।