‘নেতিবাচক শক্তি’ৰ পদত্যাগত সুখী ৰাইজৰ দল

আজি ৰাইজৰ দলৰ পৰা ৭০ সংগঠনৰ সমৰ্থন প্ৰত্যাহাৰ সম্পৰ্কে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত স্পষ্টীকৰণৰ উদ্দেশ্যে এক সংবাদ মেল আহ্বান কৰে ৰাইজৰ দলে।

সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ নেতা ভাস্কো দি শইকীয়াই ৰাইজৰ দলৰ সদ্য পদত্যাগী সদস্যসকলক ‘নেতিবাচক শক্তি’ আখ্যা দিয়ে।

এই সদস্যসকলৰ পদত্যাগত দল সুখী তথা দলে তেওঁলোকক কৃতজ্ঞতাহে জনাইছে বুলি উল্লেখ কৰে সংবাদ মেলত।

ভাস্কো দি শইকীয়াৰ মতে, আজি পদত্যাগ কৰা সদস্যসকল দীৰ্ঘদিন ধৰি দলৰ মজিয়াত নিষ্ক্ৰিয় হৈ আছিল। দলৰ ভিতৰত তেওঁলোকে দলবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ আশংকা আছিল। কিন্তু পদত্যাগৰ ফলত দলে মুক্তি পোৱা বুলি মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে আজি ৰুবুল দাস, অনুপ শইকীয়া প্ৰমুখ্যে ৰাইজৰ দলৰ কেইজনমান সদস্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি দলৰ পৰা পদত্যাগৰ কথা সদৰী কৰিছিল।

এই সন্দৰ্ভত ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে ৰাইজৰ দলে।

বিবৃতিখনৰ মতে ৭০ সংগঠনৰ নাম লৈ কেইজনমান স্বয়ম্ভু নেতাইহে সমৰ্থন প্ৰত্যাহাৰ কৰিছে। ৭০ সংগঠনৰ প্ৰকৃত নেতৃত্বই এই বিষয়ত বক্তব্য আগবঢ়াব বুলি উল্লেখ থাকে বিবৃতিখনত।

তদুপৰি পদত্যাগী সদস্যসকলে দাখিল কৰা তালিকাত দলে পূৰ্বে নিলম্বন কৰা আৰু অব্যাহতি দিয়া সদস্যৰ নামো সন্নিৱিষ্ট আছে বুলি প্ৰকাশ পাইছে বিবৃতিটোত।

উল্লেখ্য যে আগন্তুক উপ নিৰ্বাচনৰ বাবে ৰাইজৰ দলে যুযুধান ৰূপত অৱতীৰ্ণ হৈছে। এনে সময়তে দলত দেখা দিয়া এনে সংঘাতে দলটোক নিশ্চিতৰূপে বিপদত পেলাব।