NORTHEAST NOW (Assamese)

শিক্ষক ৰমাকান্ত দে’ৰ হত্যাৰ অভিযোগত ৰেইলৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনক

May 8, 2020 9:55 pm · পংকজ কুমাৰ দেৱ
Updated: May 9, 2020 1:42 pm
ফটো : নৰ্থ-ইষ্ট নাও

ডিটকচড়াৰ ল’ৱাৰ মিচিকুই এল পি স্কুলৰ প্ৰধান  শিক্ষক ৰমাকান্ত দে’ৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আজি ৰেইল আৰক্ষীয়ে ডিটকচড়াৰৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক কেইজন ক্ৰমে হাৰাংগাজাওৰ চাইডিং গাঁৱৰ লালমালচাম কুজুৰ (২০), জগ্গু গৌড় (৩৮) আৰু দুখু হাজাম (৫০)।

ভাৰতীয় দণ্ডবিধিৰ ৩৪ ধাৰাৰ ৩০২ৰ অধীনত ০৯/২০২০ নম্বৰত বদৰপুৰ জি আৰ পিত এটা গোচৰ ৰুজু কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১ মে’ত শিক্ষক ৰমাকান্ত দে হাৰাঙ্গাজাও বেংকৰ পৰা দৰমহাৰ ধন উলিওৱাৰ বিষয়ে দুখু হাজমে জানিব পাৰিছিল।

ইয়াৰ পিছতে দুখু হাজমে লালমালচাম আৰু জগ্গুৰ সৈতে মিলি শিক্ষক গৰাকীক হত্যা কৰে। তেজেৰে ৰাঙলী হৈ থকা শিক্ষক গৰাকীৰ মৃতদেহ  ৰেইলপথৰ দাঁতিত থকা এটা ড্ৰেইনত দেখিছিল স্থানীয় ৰাইজে।

আৰক্ষীৰ মতে ল’ক ডাউনৰ সুযোগ লৈ এই তিনিওজন লম্পটে শিক্ষক ৰমাকান্তৰ ধন লুটি মূৰত বেয়াকৈ আঘাত কৰি নিৰ্জন এলেকাত পেলাই থৈ পলাই গৈছিল।

Related News