বতৰ বিজ্ঞান বিভাগৰ আগজাননীঃ ৰাজ্যত দুই-তিনিলৈ হ’ব পাৰে ধুমুহা-বৰষুণ

Rain in Assam

কাষ চাপি আহিছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। ইতিমধ্যেই ৰঙালীৰ ৰঙে স্পৰ্শ কৰিছে ৰাজ্যবাসীক। পিছে বহাগৰ এই আনন্দ উপভোগত ৰাজ্যবাসীক বিধি-পথালি দিব পাৰে বতৰে।

অহা দুই-তিনিদিনলৈ ৰাজ্যত হ’ব পাৰে ধুমুহা আৰু বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি এই আগজাননী জাৰি কৰিছে। বিভাগৰ মতে, আগন্তুক দুই-তিনি দিনত ৰাজ্যত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।

বৰষুণৰ লগতে ধুমুহা বতাহ আৰু বজ্ৰপাতৰ সতৰ্কবাণীও জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুমুহাৰ গতিবেগ ঘণ্টাত ৩০-৪০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা ব্যক্ত কৰিছে।

বিভাগৰ আগজাননী অনুসৰি, এই কেইদিনত ৰাজ্যত সৰ্বোচ্চ উষ্ণতা ৩৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে, আনহাতে সৰ্বনিম্ন উষ্ণতা ২৩ ডিগ্ৰী চেলছিয়াছলৈ নামিব পাৰে।

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আনকেইখন ৰাজ্য অৰুণাচল প্ৰদেশ, আৰু, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধুমুহা-বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।