গুৱাহাটী চহৰত প্ৰচণ্ড বৰষুণৰ ফলত শনিবাৰে বিয়লি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৱাৰ্ম আপ মেচখন স্থগিত ৰখা হৈছে।
সূত্ৰ অনুসৰি আজি দিনৰ ২ বজাত ৱাৰ্ম আপ মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও খেলখনৰ পূৰ্বে ধাৰাসাৰ বৃষ্টিপাত হয়।
UPDATE: The covers are on the field and the start of play has been delayed due to rain 🌧️
Stay tuned for further updates.#TeamIndia | #CWC23 | #INDvENG
— BCCI (@BCCI) September 30, 2023
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলটোৱে আই চি চি বিশ্বকাপ ২০২৩ৰ ৱাৰ্ম আপ মেচৰ বাবে গুৱাহাটী চহৰত উপস্থিত হৈছিল। টীমটোৰ উপস্থিতিয়ে ক্ৰিকেটপ্ৰেমী সকলক যথেষ্ট উৎসাহিত কৰিছিল। টীম ইণ্ডিয়াৰ আগমনত দলটোৰ একাংশ অনুৰাগীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বাহিৰত ভিৰ কৰা দেখা গৈছিল।
প্ৰসংগক্ৰমে, বিশ্বকাপৰ পূৰ্বে গুৱাহাটীত চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব। আইচিচিৰ সূচী অনুসৰি গুৱাহাটীৰ বৰছাপাৰা ষ্টেডিয়ামত ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৩ অক্টোবৰলৈকে চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব।