NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাংসদ দিলীপ শইকীয়াৰ আহ্বান : অবৈধ অনুপ্ৰবেশকাৰী সম্বন্ধে বাংলাদেশ চৰকাৰৰ সৈতে কথা পাতক

July 15, 2019 8:25 pm · এন ই নাও নিউজ
দিলীপ শইকীয়া আৰু অমিত শ্বাহ

মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে লোকসভাৰ মজিয়াত অসমে অবৈধ বাংলাদেশীৰ পৰা লাভ কৰি অহা ক্ৰমাগত আগ্ৰাসনৰ প্ৰতি গভীৰ চিন্তা ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়।

লোকসভাত ৩৭৭ নং নিয়মৰ অধীনত বিষয়টো উত্থাপন কৰি শইকীয়াই এই ক্ষেত্ৰত গৃহমন্ত্ৰী শ্বাহক বিষয়টো বাংলাদেশ চৰকাৰৰ ওচৰতো উত্থাপন কৰাৰ বাবে অনুৰোধ কৰে।

‘‘বাংলাদেশ চৰকাৰৰ ওপৰত অবৈধ বাংলাদেশীসকলক ওভতাই লবৰ বাবে হেঁচা প্ৰয়োগ কৰিবৰ বাবে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান জনাইছো’’-সাংসদ শইকীয়াই এনেদৰে কয়।

ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭০,০০০ বিঘা কৃষিভূমি অবৈধ বাংলাদেশীয়ে বেদখল কৰি আছে বুলিও সদনত দিলীপ শইকীয়াই উত্থাপন কৰে।

উল্লেখযোগ্য যে, সাংসদ শইকীয়াই অসমৰ ৩৭ টা বিধানসভা সমষ্টি অনুপ্ৰৱেশকাৰীৰ নিয়ন্ত্ৰণলৈ যোৱা, অনুপ্ৰৱেশকাৰীয়ে স্থানীয় নাগৰিকৰ ৰাজনৈতিক-আৰ্থিক-সামাজিক অধিকাৰ খৰ্ব কৰা আৰু বিগত পাঁচ বছৰত মংগলদৈত ৩ লাখ ভোটাৰ বৃদ্ধি হোৱা, সত্ৰ সমূহৰ ভূমি বেদখল কৰা আদি বিষয় উত্থাপন কৰি লোকসভাৰ অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰে।

Related News