NORTHEAST NOW (Assamese)

টে’ট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়া কৰিবলৈ ৰাজ্যপালৰ চৰকাৰলৈ পত্ৰ

August 21, 2019 9:53 am · এন ই নাও নিউজ
গোলাঘাটত প্ৰাথমিম টেট শিক্ষকৰ প্ৰতিবাদ

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ এটা দলে কিছুদিন পূৰ্বে ৰাজ্যপালক সাক্ষাৎ কৰি টে’ট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকসকলৰ চাকৰিৰ অনিশ্চয়তাৰ কথা অৱগতা কৰাৰ পিছত ৰাজ্যপালে চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

পত্ৰখন ৰাজ্যপালৰ সচিব এছ কে জি বৰুৱাই শিক্ষা বিভাগৰ সচিব বন্দনা দত্ত তামুলীলৈ প্ৰেৰণ কৰিছে।

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে দিয়া পত্ৰখনত ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়বোৰত কৰ্মৰত প্ৰায় ৪০ হাজাৰ প্ৰাথমিক টে’ট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকৰ বৰ্তমানৰ অৱস্থাটোৰ বিৱৰণ দিয়া হৈছিল।

ইয়াৰ পিছতে ৰাজভৱনৰ পৰা শিক্ষা বিভাগলৈ এই পত্ৰখন অহা বুলি জানিব পৰা গৈছে।

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণৰ বাবে চৰকাৰৰ ওচৰত অহৰহ হেঁচা দি আহিছে।

আনহাতে ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টতো টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈছিল।

কিন্তু তাৰ পিছৰ পৰা চৰকাৰে বিভিন্ন ধৰণে লুটি-বাগৰ মৰাৰ অভিযোগ কৰি আহিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। যোৱা ১৬ জুনত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে গুৱাহাটীৰ প্ৰেছ ক্লাবত এই সম্পৰ্কত এখন সংবাদমেল সম্বোধন কৰিছিল।

যোৱা ২৯ জুনত এটা গুৱাহাটীত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে চাকৰি নিয়মীয়া কৰাৰ দাবীত এটা প্ৰতিবাদী কাৰ্য্যসূচীও ৰূপায়ণ কৰিছিল।

 

Related News