• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ পৰা বাদ পৰা মানেই বিদেশী নহয় : গৃহ মন্ত্ৰ্যালয়; বিদেশী ন্যায়াধিকৰণত আৱেদনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত

চূড়ান্ত তালিকাত নাম নহা সকলৰ কাষত থিয় দিব ৰাজ্য চৰকাৰে; আইনী সহায় কৰিব

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
August 21, 2019 9:03 am
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশলৈ মাত্ৰ ১০ দিন থকাৰ সময়ত বিভিন্ন স্তৰত উৎকণ্ঠা বৃদ্ধি পোৱাৰ লগতে চৰকাৰো ইয়াৰ সৈতে সম্পৰ্কিত শংকাবোৰৰ পৰা মুক্ত হ’ব পৰা নাই।

এটা অভূতপূৰ্ব পৰিস্থিতিৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ মুহূৰ্ততে গৃহ মন্ত্ৰ্যালয়ে কিছুমান আশ্বাসমূলক ঘোষণা কৰিছে।

Apply Now

গৃহ মন্ত্ৰ্যালয়ে এইটো জনাইছে যে এন আৰ চিৰ পৰা নাম বাদ পৰা মানেই এজন লোক বিদেশী নহয়। নাম বাদ পৰা লোকক নাম অন্তৰ্ভুক্ত কৰাৰ সময় আৰু সুযোগ দিয়া হ’ব আৰু এই প্ৰক্ৰিয়াটোত দুখীয়া লোকক ৰাজ্য চৰকাৰে আইনী সহায় কৰিব।

ইপিনে ২০ আগষ্টত গৃহ মন্ত্ৰ্যালয়ৰ দ্বাৰা জাৰি কৰা এটা বিবৃতিত এইদৰে কোৱা হৈছে :-

“চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰতিজন লোকেই তেওঁৰ গোচৰটো আইনী কৰ্তৃপক্ষ, অৰ্থাৎ বিদেশী ন্যায়াধিকৰণত উঠাব পাৰিব। বিদেশী আইন ১৯৪৬ আৰু বিদেশী (ন্যায়াধিকৰণ) নিৰ্দেশ ১৯৬৪-ৰ অধীনত কেৱল বিদেশী ন্যায়াধিকৰণবোৰকহে এজন লোকক বিদেশী বুলি ঘোষণা কৰাৰ ক্ষমতা দিয়া হৈছে। গতিকে ব্যক্তি এজনৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা মানেই নিজে নিজে এইটো প্ৰমাণ হৈ নাযায় যে তেওঁ ঘোষিত বিদেশী।”

আনহাতে গৃহ মন্ত্ৰ্যালয়ে এইদৰে কৈছে যে ই এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণবোৰত আৱেদন কৰাৰ পাব লগীয়া সময় ৬০ দিনৰ পৰা ১২০ দিনলৈ বৃদ্ধি কৰিবলৈ নিয়ম সংশোধন কৰিব।

সেইমতে, Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003 সংশোধন কৰা হ’ব।

১৯ আগষ্টত এন আৰ চি বিষয়ত গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত এখন পৰ্য্যালোচনা বৈঠকৰ পিছতে ২০ আগষ্টত এই ঘোষণাকেইটা কৰা হয়।

লগতে পঢ়ক এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে : ৰিপুণ বৰা

বৈঠকত অমিত শ্বাহে কৈছিল যে এন আৰ চিত নাম নথকাসকলক তেওঁৰ নাম বাদ পৰাৰ বিৰুদ্ধে আৱেদন কৰিবলৈ সম্পূৰ্ণ সুযোগ দিয়াৰ বাবে অসম চৰকাৰে পৰ্য্যাপ্ত ব্যৱস্থা কৰিব।

এই পৰ্য্যালোচনা বৈঠকত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় গৃহ সচিব, অসমৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

এন আৰ চি প্ৰকাশৰ সময়ত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰক অতিৰিক্ত নিৰাপত্তা বাহিনীৰ বাবে ৰাজ্য চৰকাৰে আৱেদন জনাইছে।

অলপতে অসমত নিয়োজিত নিৰাপত্তা বাহিনীৰ বহুকেইটা কোম্পানি জম্মু আৰু কাশ্মীৰলৈ নিয়া হৈছিল।

উল্লেখ কৰিব পাৰি, নাম বাদ পৰা ভাৰতীসকলক আইনী সহায় কৰাৰ বাবে  ইতিপূৰ্বে কংগ্ৰেছেও প্ৰতিশ্ৰুতি আগ বঢ়াইছে। ২০ আগষ্টত এখন সংবাদ মেলত সাংসদ হীৰা শৰণীয়ায়ো বি টি এ ডিৰ অন্তৰ্গত লোকসকলক আইনী সহায় আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি আগ বঢ়াইছিল।

ৰূপা সৰকাৰ

ৰূপা সৰকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd