৩ নৱেম্বৰত মুকলি হ’ব টীয়কৰ মুদৈজান ৰজাবাৰীস্থিত বৈদ্যুতিক উপ আস্থান

প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৰহাট জিলাৰ টীয়কৰ মুদৈজান ৰজাবাৰীত অসম চৰকাৰৰ সংহত শক্তি উন্নয়ন আঁচনি (আই পি ডি এছ)ৰ অধীনত স্থাপন কৰা ৩৩/১১কেভি ২×১০ এম ভি এ বৈদ্যুতিক উপ আস্থানটো অহা ৩ নৱেম্বৰত ৰাইজৰ সেৱাত উৎসৰ্গা কৰা হ’ব।

এ পি ডি চি এলৰ টীয়ক বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী প্ৰবন্ধকে জানিবলৈ দিয়া মতে ৩ নৱেম্বৰত উক্ত বিদ্যুৎ উপ আস্থানটোৰ লগতে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংবহন লাইন সক্ৰিয় কৰা হ’ব।

আনহাতে অহা ২ নৱেম্বৰৰ পৰা উক্ত উপ আস্থানৰ লগতে সংশ্লিষ্ট প্ৰৱহন লাইনত বিদ্যুৎ সংযোগ কৰা হ’ব বুলি প্ৰকাশ কৰি স্থানীয় ৰাইজক কোনো কাৰণতে লাইনৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিবলৈ সহকাৰী প্ৰবন্ধক গৰাকীয়ে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, ৰজাবাৰীৰ বিদ্যুৎ  উপ আস্থানটোৱে এক বৃহত্তৰ অঞ্চলৰ বিদ্যুৎ উপভোক্তাৰ দীৰ্ঘদিনীয়া অভাৱ দুৰ হব বুলি আশা কৰা হৈছে।