বোকাত বহি শঙ্খ বজালেই দূৰ হ’ব ক’ৰ’ণা! বিজেপি সাংসদৰ দাবী

raj

কোনো দৰৱ নালাগে,নালাগে কোনো ভেকচিন,বোকাৰ মাজত বহি শঙ্খ বজালেই দূৰতে বিদূৰ হ’ব ক’ৰ’ণা ভাইৰাছ।

এই দাবী কোনো সাধাৰণ লোকে কৰা দাবী নহয়।

এই দাবী কৰিছে ৰাজস্থানৰ এগৰাকী বিজেপি সাংসদে। ৰাজস্থানৰ চাৱাই মাধোপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত সাংসদ সুখবীৰ সিং জৌনপুৰীয়াই এই দাবী কৰি কৈছে যে ক’ৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কোনো দৰৱৰ প্ৰয়োজন নাই।

বোকাত বহি শঙ্খ বজালেই ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

সাংসদ গৰাকীয়ে নিজে বোকাৰ মাজত বহি শঙ্খ বজোৱাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

ভিডিঅ’টো চাই এতিয়া বহুতেই হাঁহিত ৰ’ৱ নোৱাৰা অৱস্থা হৈছে।

যি ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে বিশ্বৰ বিজ্ঞানী সকলে উদয়াস্ত গৱেষণা অব্যাহত ৰাখিছে সেই ভাইৰাছৰ পৰা হাত সাৰি থকাৰ সহজ উপায় উদ্ভাৱন কৰি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৰাজস্থানৰ বিজেপি সাংসদ গৰাকী।

সাংসদ জৌনপুৰীয়াৰ মতে বৰষুণত তিতিলে,বোকাৰে গা লেটিয়াই ল’লে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও পাপড় খালে ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে বুলি দাবী কৰিছিল আৰু ইয়াৰ কিছুদিন পিছতে তেওঁ ক’ৰ’ণাত আক্ৰান্ত হৈছিল।