NORTHEAST NOW (Assamese)

মোবাইল ফোনৰ ইণ্টাৰনেট ডাটা শেষ কৰাৰ বাবেই ভায়েকক হত্যা কৰিলে ককায়েকে

November 21, 2020 9:14 pm · এন ই নাও নিউজ
Updated: November 21, 2020 9:16 pm
প্ৰতিনিধিত্বমূক ছবি

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজস্থানকে।

মোবাইল ফোনৰ ইণ্টাৰনেটৰ ডাটা শেষ কৰাৰ বাবেই এজন কিশোৰে তেওঁৰ  শিশু ভায়েকক হানি-খুচি হত্যা কৰিলে।

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ যোধপুৰত। যোধপুৰৰ ৰমণ নামৰ কিশোৰ জনৰ ভায়েক ৰইয়ে মাজে সময়ে ককায়েকৰ মোবাইল ফোনটো লৈ গেম আদি খেলে।

ঘটনাৰ দিনাও শিশুটিয়ে ককায়েকৰ মোবাইল ফোনটোলৈ কিবা কিবি চোৱাৰ লগতে গেমো খেলিছিল।

এনেদৰে গেম খেলি থকাৰ সময়তে মোবাইল ফোনত দিনটোৰ বাবে নিৰ্ধাৰিত ইণ্টাৰনেট ডাটা শেষ হৈ যায়।

ভায়েকে কথাটোকলৈ বিশেষ কোনো কথা চিন্তা নকৰি মোবাইল ফোনটো থৈ দিয়ে।

ককায়েক ৰমণে মোবাইল ফোনটোলৈ ডাটা শেষ কৰাৰ বাবে ভায়েক ৰইক গালি-শপনি পাৰিবলৈ ধৰে।

খঙত টিঙিৰি তুলা  হৈ পৰা ককায়েক ৰমণে এটা সময়ত ভায়েকক ঘৰৰ ছাদৰ ওপৰলৈ টানি লৈ যায় আৰু তাতেই ধাৰাল কোনো বস্তুৰে ভায়েকক হানি-খুচি হত্যা কৰে।

এই ঘটনা সংঘটিত কৰিয়েই ককায়েক ৰমণে ঘৰৰ পৰা পলায়ন কৰে।নিশা সেই ঘৰটোতে বাস কৰা কোনো লোকে ছাদলৈ যোৱাত শিশুটিৰ ৰক্তাক্ত দেহ পৰি থকা দেখিবলৈ পায়।

লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পৰিয়ালৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে বিচাৰ-খোচাৰ কৰি যোধপুৰৰ ৰে’ল ষ্টেছনৰ পৰা ৰমণক আটক কৰিবলৈ সক্ষম হয়।

মোবাইল ফোনৰ ইণ্টাৰনেটৰ ডাটা শেষ কৰা বাবে ভায়েকক হত্যা কৰি ভীতিগ্ৰস্ত হৈ পৰা ৰমণৰ মানসিক অৱস্থা বৰ্তমান অতি বেয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

কিশোৰটিৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। সামান্য কথা এটাৰ বাবেই ককায়েকে ভায়েকক হত্যা কৰাৰ ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে।

Related News