• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰৰ চিকিৎসালয়ত ৰাজ আতিথ্যত ৰখা হৈছে SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক!

ঘৰৰ পৰা যোগান ধৰা হৈছে ঔষধ, সু-স্বাদু খাদ্য, দিয়া হৈছে গা মালিছ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2020 9:12 pm
PK Final
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ কেলেংকাৰিৰে লেটি-পেটি খাই বন্ধ হোৱা SIৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। তেনে সময়তে সকলোৰে এটাই প্ৰশ্ন ‘জেইলৰ ভিতৰত কেনে আছে এই কেলেংকাৰিৰ মূল মাষ্টাৰমাইণ্ড হিচাপে পৰিচিত প্ৰাক্তন ডিআইজি পি কে দত্ত?

সাধাৰণতে অপৰাধীসকলক জেইলৰ ভিতৰত কেনেকৈ ৰখা হয় সেই কথা সহজেই সকলোৰে অনুমেয়।

Apply Now

কিয়নো কিবা অপৰাধ সংঘটিত কৰিলে বা অপৰাধৰ লগত অভিযুক্তকহে আদালতে প্ৰেৰণ কৰে জেইললৈ। জেইলত কি পৰিৱেশ ইতিমধ্যে বহু অপৰাধী বা অভিযুক্তই বাহিৰলৈ আহি মুকলি অভিযোগ দিয়া দেখিবলৈ পোৱা গৈছে।

এক উদাহৰণ হিচাপে লৈছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ আৰু কাৰাবন্দী অখিল গগৈৰ লগতে কৰ’নাত আক্ৰান্ত কেইগৰাকীমান কাৰাৰুদ্ধৰ কথা।

তেওঁলোকে বিভিন্ন ধৰণে অভিযোগ উত্থাপন কৰিছিল তাৰ ভিতৰত অন্যতম জেইলৰ ভিতৰত আঁঠুৱা যোগান ধৰা নহয় বাবে মহৰ কামোৰত দিন কটাবলগীয়া হয় কয়দীয়ে, একেটা কোঠাতে ৰখা হয় ২০-৪০ গৰাকী কয়দীক, খোৱাপানীৰ ব্যৱস্থা অতিকৈ বেয়া, খাদ্য ভেজাল, চিকিৎসাৰ বাবে উপযুক্ত সঁজুলি নাই ইত্যাদি ইত্যাদি।

কিন্তু তাৰ ব্যতিক্ৰম ৰাজ্য কঁপোৱা SI কেলেংকাৰিৰ অন্যতম অভিযুক্ত পি কে দত্ত অৰ্থ্যাৎ প্ৰশান্ত কুমাৰ দত্ত।

কাৰাগাৰৰ ভিতৰৰ এক বিশ্বস্ত সুত্ৰই জনোৱা অনুসৰি সম্পূৰ্ণৰূপে ৰাজ আতিথ্য দি ৰখা হৈছে দত্তক।

যি ৰাজ আতিথ্য অন্য কোনো কয়দীয়ে বেমাৰত ভুগি থকাৰ পাছতো লাভ কৰা নাই।

সুত্ৰটোৱে জনোৱা অনুসৰি জেইলৰ ভিতৰত থকা চিকিৎসালয়ৰ সু-সজ্জিত কোঠাত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

আনকি ঘৰৰ পৰা পৰিয়ালৰ লোকে ৰান্ধি পঠিওৱা সু-স্বাদু ব্যঞ্জন আৰু উন্নত মানদণ্ডৰ ঔষধ যোগান ধৰা বুলি সুত্ৰটোৱে জনাইছে।

অৱশ্যে, আদালতৰ অনুমতি থাকিলে প্ৰয়োজনীয় ঔষধ জেইলৰ ভিতৰত ৰখা কয়দীক যোগান ধৰাৰ এক নিয়ম আছে।

তাৎপয্যপূৰ্ণভাৱে সুত্ৰটোৱে দাবী কৰা মতে এজন কয়দীক তেওঁৰ শুশ্ৰষা কৰিবৰ বাবে নিয়োগ কৰা হৈছে। যি তেওঁক গাৰ মালিছো দিয়ে বুলি সুত্ৰটোৱে দাবী কৰে।

ইপিনে, সুত্ৰটোৱে জনোৱা অনুসৰি  পি কে দত্তক মোবাইল ফোন ব্যৱহাৰ কৰাৰো অনুমতি প্ৰদান কৰিছে জেইলৰ ভিতৰত। আনকি সেই ফোনৰে পি কে দত্তই তেওঁৰ বন্ধু-বৰ্গ, অধিবক্তা, পত্নী আৰু আত্মীয়ৰ সৈতেও বাৰ্তালাপ কৰে বুলি সুত্ৰটোত প্ৰকাশ পাইছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, আলিবাগ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকাৰ সময়ত ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীয়ে মোবাইল ফোন ব্যৱহাৰ কৰি ছ’চিয়েল মেডিয়াত পোষ্ট কৰাৰ অভিযোগত সেই জেইলৰ পৰা তেওঁক নৱী-মুম্বাইৰ কুখ্যাত তাল’জা কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। তাৰ বিৰুদ্ধে বিজেপিয়েও অৰ্ণৱৰ ওপৰত মানসিক অত্যাচাৰ চলোৱা হৈছে বুলি অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

সুত্ৰটোৱে দাবী কৰা মতেই যদি সঁচাকৈ পি কে দত্তই মোবাইল ফোন ব্যৱহাৰ কৰি আছে তেনেক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে যে, ‘ৰাজ্য কঁপোৱা SI কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড হৈয়ো পি কে দত্তই নিজ ইচ্ছা অনুসাৰে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিছে মোবাইল ফোন?’ কিয় জেইল কতৃপক্ষই তেওঁক নিয়ম বহিৰ্ভুত স্বত্তেও ব্যৱহাৰ কৰিব দিলে মোবাইল ফোন?

এনেদৰে কাৰাগাৰৰ ভিতৰত ৰাজ আতিথ্য দি থকা বুলি সুত্ৰটোৱে দাবী কৰাৰ পাছত আমাৰ সাংবাদিকে কথা পাতিছিলো জেইলৰ অধীক্ষক ৰঞ্জিত বৈশ্যৰ সৈতে।

এই অভিযোগবোৰৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰকাশ পাই বৈশ্যৰ মুখত ‘তেওঁক কয়দীৰ মাজতে ৰখা হৈছে। তেওঁক স্পিছিয়েলী ৰখা হোৱা নাই এইবোৰ মিছা কথা।‘

ইপিনে, জেইলৰ পৰা তেওঁ ফোন ব্যৱহাৰ কৰা প্ৰসংগতো সোধাত তেওঁ এই কথা স্বীকাৰ কৰি কয় ‘আমাৰ যিহেতু কয়দীক সাক্ষাৎ কৰা বন্ধ ৰখা হৈছে গতিকে দুটা ফোনৰে বাৰ্তালাপ কৰাৰ সুবিধা দিয়া হৈছে। তেওঁ ঘৰৰ মানুহৰ লগত কথা পাতিব পৰাকৈ দুটা ফোন দিয়া হৈছে। এই ফোনটো চৰকাৰৰ ফালৰ পৰা প্ৰভাইড কৰা হৈছে।‘

ইয়াৰোপৰি, জেইলৰ বিষয়াৰ উপস্থিতিত কেৱল দুই মিনিটকৈহে পি কে দত্তক কথা পতাৰ সুযোগ দিয়া হৈছে বুলি তেওঁ কয়।

সুত্ৰটোৱে কৰা অভিযোগ যদি সত্য হয়, নিশ্চয়কৈ এয়া এক জেইলৰ কয়দীৰ মাজতো এক বৈষমতাৰ প্ৰতিচ্ছবিখনহে প্ৰকাশিত হৈছে। কিয়নো SI কেলেংকাৰিৰ দৰে ৰাজ্য কঁপোৱা কেলেংকাৰিত অভিযুক্ত হৈ যদি গা-মালিছৰো সুবিধা লাভ কৰে তেন্তে তেওঁৰ বাবে এয়া শাস্তি নে আশীৰ্বাদ নে পুনৰ কেলেংকাৰি সংঘটিত কৰাৰ বাবে উদগণি? বুলিও একাংশই প্ৰশ্ন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd