ৰাজস্থান কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি, অজয় মাকেনৰ পদত্যাগে অস্বস্তিত পেলাইছে কংগ্ৰেছৰ শীৰ্ষ মহলক

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত ৰাজস্থানৰ ৰাজনীতি আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ পদ এৰি দিব বুলি কথা ওলোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ চকী খনকলৈ তুমুল টনা-আজোৰা আৰম্ভ হৈছিল। অৱশ্যে গেহলটে পিছত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰাৰ পিছতে পৰিস্থিতি কিছু শান্ত হৈছিল।

সেই সময়ত আৰম্ভ হোৱা ৰাজনৈতিক অচলাৱস্থাৰ পাৰ্শ্বক্ৰিয়া পিছে এতিয়াও অব্যাহত আছে। তাৰেই প্ৰমাণ হিচাবে কংগ্ৰেছ নেতা অজয় মাকেনে দলৰ ৰাজস্থানৰ দায়িত্বৰ পৰা পদ ত্যাগ কৰিছে। বিশেষ সূত্ৰই জনাইছে যে ছেপ্টেম্বৰৰ শেষৰ ফালে মুখ্যমন্ত্ৰী অশোক গেহলটে শেষ মুহূৰ্তত কংগ্ৰেছ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ গৈ পদ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে মাকেন অসন্তুষ্ট হৈ পৰিছিল।

তাৰেই পৰিণতিত তেওঁ পদত্যাগ কৰা বুলি ধাৰণা কৰা হৈছে।উল্লেখ্য ইয়াৰ পূৰ্বে গেহলটৰ অনুগত ৯০ জনতকৈও অধিক বিধায়কে দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিলে ৰাজস্থানত গেহলটক তেওঁৰ প্ৰতিদ্বন্দী শচীন পাইলটৰ প্ৰতিপক্ষ ৰূপে প্ৰক্ষেপ কৰাৰ ভাবুকি দিছিল।

মাকেনে আশা কৰিছিল যে দলটোৱে বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব, কিন্তু তেনে কোনো ঘটনা নঘটিল। ফলত তেওঁ কংগ্ৰেছৰ ৰাজস্থানৰ দায়িত্বৰ পৰা পদ ত্যাগ কৰাৰ সিদ্ধান্তত গ্ৰহণ কৰে। পদত্যাগ পত্ৰখনত মাকনে কয়, “যোৱা তিনি প্ৰজন্ম ধৰি কংগ্ৰেছৰ আদৰ্শৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছো। ৪০ বছৰতকৈও অধিক সময় ধৰি সক্ৰিয় ৰাজনীতিত থকাৰ বাবেই মই সদায় ৰাহুলজীৰ এজন উৎসাহী অনুগামী হৈ থাকিম, যাক মই বিশ্বাস কৰোঁ ।”

পত্ৰখনত মাকেনে কয় যে তেওঁ ট্ৰেড ইউনিয়ন আৰু অলাভজনক বিষয়ৰে জৰিয়তে কামত কামত মনোনিবেশ কৰিব বিচাৰে। তেওঁ বায়ু প্ৰদূষণৰ বিষয়টোত অধিক গুৰুত্ব দিব বিচাৰে। পথৰ কাষৰ বিক্ৰেতা আৰু বস্তিবাসীসকলৰ অধিকাৰৰ বাবেওঁ তেওঁ যুঁজ দি যাব।কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ এনে বোৰ বিষয়ত গুৰুত্ব দিছিল বুলিও কয়।

উল্লেখ্য মাকনে দলটোক ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ আগতে ৰাজস্থানৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া নিয়োগ কৰিবলৈ কৈছিল।৪ ডিচেম্বৰত ৰাজ্য খনত এটা উপ-নিৰ্বাচনো আছে। ছেপ্টেম্বৰৰ সংকটৰ সময়ত মাকেনে তিনিজন বিধায়কৰ বিৰুদ্ধে ক্ৰমে মহেশ যোশী, ধৰ্মেন্দ্ৰ ৰাঠৌৰ, আৰু শান্তি ধাৰিৱালৰ বিৰুদ্ধে বিশেষভাৱে ব্যৱস্থা ল’বলৈ বিচাৰিছিল । কিন্তু সেয়া কৰাত তেওঁ বাধা পাইছিল।