IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

অধিনায়ক সঞ্জু চেমছনৰ বেটিঙ বিক্ৰমত ধৰাশায়ী হ’ল লক্ষ্ণৌ। ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলাটো আপাততঃ নিশ্চিত হৈ পৰিল। শনিবাৰে নিশা পুনৰ অধিনায়কোচিত প্ৰদৰ্শন দাঙি ধৰে সঞ্জুৱে। তেওঁ ৭১ ৰানৰ অপৰাজিত ইনিংছ খেলে। সহযোগ কৰিলে ধ্ৰুৱ জুৰেল (৫২), যশস্বী জয়ছোৱাল (২৪) আৰু জোছ বাটলাৰে (৩৪)। ১৯ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই দলটোৱে ১৯৭ ৰানৰ লক্ষ্যত উপনীত হয়।

বৰ্তমানৰ আই পি এলত খেলৰ সংখ্যা যিমানে বৃদ্ধি পাইছে বলাৰৰ মৰ্যাদাও সিমানে কমি আহিছে। বেটছমেনক বাউণ্ডেৰীৰ বাহিৰত বল পেলাবলৈকে যেন তেওঁলোকে বাইছ গজত বল এৰি দিছে! যোৱা কেইদিনমানৰ মেচবোৰত এনেদৰেই বৈছে ৰানৰ বন্যা।

অৱশ্যে সেই বেটছমেনশ্বিপ শনিবাৰে দ্বিতীয়খন মেচত দেখা পোৱা নগ’ল। মন্থৰ পিটচত ৰাজস্থানৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ৫ উইকেটত ১৯৬ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুল আৰু দীপক হুডাই দৰ্শনীয় অৰ্ধ শতক কৰে।

টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। মন্থৰ পিটচৰ সুযোগ লৈ সঞ্জুৰ দলৰ বলাৰসকলে বেটছমেনক বান্ধি ৰাখে। লক্ষ্ণৌৰ হৈ কুইণ্টন ডি ককে ভাল আৰম্ভণি কৰিছিল, প্ৰথম দুটা বলত ট্ৰেণ্ট ব’ল্টক দুটা চাৰি মাৰিছিল। অৱশ্যে তেওঁ বেছি সময় টিকি নাথাকিল। দক্ষিণ আফ্ৰিকাৰ বেটছমেনগৰাকীয়ে ব’ল্টৰ তৃতীয় বলত ক্লিন বোল্ড হয়।

শেষৰখন খেলত শতক অৰ্জনকাৰী মাৰ্কাছ ষ্ট’ইনিছেও কম সময়ৰ ভিতৰতে ঘূৰি যায়। ইয়াৰ পিছত অধিনায়ক ৰাহুল আৰু দীপকে দলটোৰ নেতৃত্ব লয়। লক্ষ্ণৌৱে এই দুজন বেটছমেনৰ বাবে ৫টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ৪৮ বলত ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। তেওঁ আঠটা চাৰি, দুটা ছয় মাৰে। সহযোগী দীপক হুডাই ৩১টা বলত ৫০ ৰান সংগ্ৰহ কৰে।

ৰাজস্থানৰ দুই অ’পেনাৰ যশস্বী জয়ছোৱাল (২৪) আৰু জোছ বাটলাৰে (৩৪) সুন্দৰ আৰম্ভণি কৰে। ষষ্ঠ অভাৰৰ শেষৰ বলটোত যুটীটো ভাঙিল। যশ ঠাকুৰে জোছ বাটলাৰক বল আউট কৰে। পৰৱৰ্তী অভাৰৰ প্ৰথম বলত যশস্বীও উভতি আহে।

একেৰাহে দুটা উইকেট পৰিলেও তেতিয়ালৈকে ৰাজস্থানৰ ভেটি শক্তিশালী আছিল। তদুপৰি ক্ৰীজত নামিয়ে ভৰসা যোগায় দলৰ বেটিং স্তম্ভ সঞ্জু চেমচনে। শনিবাৰৰ দিনটোত সঞ্জুৱে অধিনায়কৰ দৰে খেলিছিল। তেওঁ ৩৩টা বলত ৭১ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁ মুঠতে চাৰিটা অভাৰ বাউণ্ডেৰী আৰু ৭টা বাউণ্ডেৰী মাৰে।

সঞ্জুৰ সংগী আছিল ধ্ৰুৱ জুৰেল (৫২)। তেওঁলোকে নিজৰ ইচ্ছামতে খেলৰ গতি নিয়ন্ত্ৰণ কৰিছিল। লক্ষ্ণৌৰ বলাৰসকলে কোনো ধৰণৰ প্ৰতিৰোধ আগবঢ়়াব নোৱাৰিলে। শেষত ৰাজস্থান ৰয়েলছে ১৯ অভাৰত লক্ষ্যত উপনীত হয়। ফলত ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলা আপাততঃ নিশ্চিত হৈ পৰে।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ১৯৬/৫ (কে এল ৰাহুল ৭৬, দীপক হুদা ৫০, সন্দীপ ৩১/২)

ৰাজস্থান ৰয়েলছঃ ১৯৯/৫ (সঞ্জু চেমচন ৭১, ধ্ৰুৱ জুৰেল ৫২, যশস্বী জয়ছোৱাল ২৪, জোছ বাটলাৰ ৩৪)

ৰাজস্থানে ৭ উইকেটত জয়লাভ কৰে।