সাংসদ হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে ৰাজেন গোঁহায়ে : মন্তব্য বিভিন্ন দল-সংগঠনৰ

Rajen-Gohian-570x320-1

কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰিৰ অভিযোগৰ প্ৰসংগত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। আদালতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক যৌন কেলেংকাৰিৰ গোচৰত প্ৰাৰম্ভিক পৰ্যায়ত লোৱা সিদ্ধান্তক আদৰণি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি আদালতক ধন্যবাদ জনাইছো। কিয়নো প্ৰশাসনে যদিও কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক ক্লিনশ্বিট দিব বিচাৰিছিল কিন্তু মহামান্য আদালতে পুনৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্যক আমি ধন্যবাদ জনাইছো।

‘এইজন ব্যক্তি নগাঁৱৰ দৰে এটা সন্মানীয় সমষ্টিৰ সাংসদ হোৱাত আমি লাজ পাইছো। তেওঁক প্ৰকৃততে বিজেপিয়ে ত্যাগ কৰিব লাগে, মন্ত্ৰিত্বৰ পৰা অপসাৰিত কৰিব লাগে। যদি নকৰি তেওঁক পুনৰ লোক সভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে তেন্তে ৰাইজে তেওঁক প্ৰত্যাখান কৰিব। কাৰণ নগাঁৱৰ দৰে সন্মানীয় লোক সভা সমষ্টিৰ সাংসদ হোৱাৰ তেওঁৰ নৈতিক অধিকাৰ নাই’। এইদৰে কয় সম্পাদকগৰাকীয়ে।

আনহাতে এই প্ৰসংগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয় যে প্ৰশাসনে কেন্দ্ৰীয় মন্ত্ৰীজনক বচাবলৈ চেষ্টা কৰিছিল যদিও আদালতে পুনৰ গোচৰ চলোৱাত আমি আদৰণি জনাইছো। মহামান্য ন্যায়ালয়ে সাক্ষীসকলকো সুৰক্ষা প্ৰদান কৰিব লাগে যাতে কোনেও তেওঁলোকক ভীতিগ্ৰস্ত কৰিব নোৱাৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে দেউৰীগাঁৱৰ এগৰাকী ভুক্তভোগী মহিলাই দিয়া এজাহাৰৰ ভিত্তিত যোৱা ২ আগষ্টত নগাঁও সদৰ আৰক্ষী থানাত ২৫৯২/২০১৮ নম্বৰত আৰু ৪১৭/৩৭৬/৫০৬ ধাৰাত গোচৰটো পঞ্জীভূক্ত হৈছিল।

ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ জৱানবন্দী ফৌজদাৰী বিধিৰ অধীনত লিপিবদ্ধ কৰিলেও তেওঁৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উঠিছিল। অৱশেষত কালি আদালতে গোচৰটো চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা বছৰৰ ৮ জানুৱাৰীত গোঁহাইক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

তাৎপৰ্যপূৰ্ণ যে, গোচৰটোৰ প্ৰসংগত আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক লৈও বিভিন্ন দল-সংগঠনে সন্দেহ কৰিছে। আৰক্ষীয়ে গোঁহাইক সোধা-পোচা কৰাটো দূৰৈৰ কথা অভিযোগকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ প্ৰসংগতহে ব্যস্ত হৈ পৰিছিল।