মোক ঠেলিয়াই গতিয়াই চৰ লাঠি মাৰি খেদি দিয়াৰ নিচিনা হ’ল: ৰাজেন গোহাঁইৰ দুখ

পদত্যাগ নকৰে, বিজেপিয়ে খেদি দিলেও ঘৰৰ এটা চুকত পৰি ৰ’ব ৰাজেন গোহাঁই!

rajen gohain

ন-বিজেপিৰ দপ-দপনিত অতিষ্ঠ হৈ পৰিছে পুৰণি বিজেপি নেতা-কৰ্মী। দাদা বিগ্ৰেটৰ দপ দপনিয়ে সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত থকা ১১ জন বিধায়কৰ টিকট কৰ্তন কৰিলে কেন্দ্ৰীয় বিজেপিয়ে।

তেনে সময়তে বঢ়মপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি বঞ্চিত হোৱা জ্যেষ্ঠ বিজেপি নেতা তথা নগাওঁৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ এতিয়া ক্ষোভৰ উদগিৰণ হোৱাৰ লগতে দুখতো ভাগি পৰিছে।

আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি গোহাঁইয়ে কয় ‘দলে আজিকালি আমাক কোনো সভা সমিতি কৰিবলৈয়ো দায়িত্ব নিদিয়ে। সেয়েহে হয়তো ঠেলিয়াই গতিয়াই চৰ লাঠি মাৰি খেদি দিয়াৰ নিচিনা হ’ল।‘

‘বিজেপিয়ে মোক এলাগিয়ে কৰিছে নে খেদিছে সেইটো তেওঁলোকে বুজি পাব। মোৰতো এনে লাগিছে মোক বিজেপিয়ে খেদি দিছে। গুচি গ’লেও যা।‘ গোহাঁইয়ে দুখ কৰি কয়।

ইপিনে, টিকট বঞ্চিত হোৱাৰ পাছত অন্য দলত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গোহাঁইয়ে কয় ‘বিজেপি দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিলো ভৱিষ্যতেও থাকিম।বিজেপিৰ পতাকাখন লৈয়ে মই মৃত্যুবৰণ কৰিব খোজো।‘

‘মই মানসিকভাৱে সুস্থিৰ নহয়। হয়তো মই কিছুদিনৰ বাবে ফুৰিবলৈ ওলাই যাম।‘ বিজেপিৰ হৈ প্ৰচাৰ চলাব নে নাই বুলি সাংবাদিকে সোধাত তেওঁ এইদৰে কয়।

ইপিনে, ‘মই দলৰ এজন জ্যেষ্ঠ কৰ্মী।‘ বুলি উল্লেখ কৰি বিজেপিৰ উত্থানত তেওঁৰ ভুমিকাৰ বিষয়ে উল্লেখ কৰে গোহাঁইয়ে।

তেওঁ কয় ‘দলৰ শূণ্য অৱস্থাৰ পৰা বা অস্তিত্বহীন অৱস্থাৰ পৰা ৰাইজৰ মাজলৈ দলটো নিয়াৰ ক্ষেত্ৰত জীৱনৰ আটাইতকৈ মূল্যবান সময় খৰচ কৰিছো। যি সময়ত মই মোৰ ল’ৰা-ছোৱালীক সময় দিব লাগিছিল তাত সময় নিদি দলক শক্তিশালী কৰাৰ বাবে ২০ বছৰ সময় দিলো। মোৰ সভাপতিত্বৰ কালতো অসমৰ গাঁৱে গাঁৱে দলৰ পতাকা কঢ়িয়াই লৈ গৈছিলো।‘

শেষ মুহূৰ্তত সংসদীয় ৰাজনীতিতো  বিজেপিয়ে তেওঁক বঞ্চিত কৰিলে বুলি উল্লেখ কৰি গোহাঁইয়ে লগতে কয় ‘এইবাৰো মই বিধানসভাত প্ৰতিদ্বন্দিতা কৰিব খুজি তাৰ পাছত অৱসৰ ল’ব খুজিছিলো। সকলোৱে মোৰ এই কথাত সঁহাৰি দিছিল কিন্তু শেষ মুহূৰ্তত মোক বঞ্চিত কৰিলে।‘

বিজেপি ত্যাগ কৰি অন্য দলত যোগদান কৰাৰ কথাটো গোহাঁইৰ বিবেকে নকয় বুলিও তেওঁ দাবী কৰে।