কংগ্রেছ নেতা আৰু মুখপাত্র ৰাজীৱ ত্যাগীৰ মৃত্যু; ৰাহুল গান্ধী, সম্বিত পাত্ৰাৰ শোকপ্ৰকাশ

কংগ্রেছৰ নেতা আৰু মুখপাত্র ৰাজীৱ ত্যাগীৰ হৃদৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যু হয়৷ টেলিভিশ্যনৰ এটা বিতর্কৰ পাছতে বৈশালীত থকা তেওঁৰ বাসভৱনত ত্যাগীৰ হার্ট এটেক্ট হয় আৰু তেওঁ অচেতন হৈ পৰে৷

লগে লগে গাজিয়াবাদৰ যশোদা হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকসকলে তেওঁক সুস্থ কৰিব নোৱাৰিলে৷ তেওঁৰ মৃত্যুত কংগ্রেছ দলে গভীৰ শোক প্রকাশ কৰে৷

কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়েও গভীৰ দুখ প্ৰকাশ কৰে।

ৰাজীৱ ত্যাগী প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে আজি এজন সাহসী নেতাক হেৰুৱালে। তেওঁৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলো।

ইয়াৰ উপৰি প্ৰিয়ংকা গান্ধীয়েও ৰাজীৱ ত্যাগীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে।

ইফালে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰাই ৰাজীৱ ত্যাগীৰ মৃত্যুত শোক প্ৰকাশ কৰি এটা টুইট কৰে। কংগ্ৰেছৰ মুখপাত্ৰ তথা মোৰ বন্ধু ৰাজীৱ ত্যাগীৰ মৃত্যুক মই বিশ্বাস কৰিব পৰা নাই।