নাটক ফাদিল: ‘প্ৰভাৱশালী’ মডেল ৰাজকন্যা বৰুৱাক জিএনআৰচিৰ পৰাই পুনৰ গ্ৰেপ্তাৰ; নাই কোনো অসুস্থতা

GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে

চুপাৰমাৰ্কেটস্থিত GNRC ত উপস্থিত দিছপুৰ আৰক্ষী। মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ অৱশেষত পুনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।

GMCHৰ মেডিকেল ব’ৰ্ডে GNRCৰ SEMI ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷ ৰাজকন্যাৰ কোনোধৰণৰ বেমাৰ নথকা বুলি প্ৰতিবেদনত উল্লেখ।

৬জনীয়া বৰ্ডৰ প্ৰতিবেদন লৈ পুনৰ GNRCত উপস্থিত হয়হি দিছপুৰ আৰক্ষীৰ দল৷

GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অসুস্থতা নথকাকৈ GNRC ৰ ICU ত ৰক্ষণাবেক্ষণ দি থোৱাৰ গুৰুতৰ অভিযোগ।

উল্লেখযোগ্য যে, ১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দূৰ্ঘটনাত দুয়োখন ভৰি কটা গল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷

ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ৰ৷

আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকণ্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মেডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

ৰাজকন্যা বৰুৱাক বৰ্তমান দিছপুৰ থানালৈ নিয়া হৈছে। আজি নিশাটো মডেলগৰাকীক পাণবজাৰ মহিলা থানাৰ লকআপত ৰখাৰ সম্ভাৱনা আছে।

ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষীয়ে ৩০৮ ধাৰা সংযোগ কৰিছে বুলি জানিব পৰা গৈছে।