চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত ৭০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা হওক : ৰাজ্যসভাত সাংসদ বিশ্বজিৎ দৈমাৰী

BPF MP

ৰাজ্যসভাৰ মজিয়াত উত্থাপিত ‘ভাৰতীয় চিকিৎসা পৰিষদ সংশোধনী আইন,২০১৯’ৰ মুকলি চৰ্চাত অসমৰ বি পি এফ দলৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে চিকিৎসা পৰিষদ সংশোধনী আইন, ২০১৯ সন্দৰ্ভত মন্তব্য কৰি চৰকাৰী বিদ্যালয়ত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ প্ৰবেশ পৰীক্ষাত ৭০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায়।

সাংসদ বিশ্বজ্যিৎ দৈমাৰীয়ে অসমৰ লগতে দেশৰ চৰকাৰী চিকিৎসালয় সমূহত চিকিৎসকৰ অভাৱৰ বিষয়ে আঙুলিয়াই দি কয় ভাৰতৰ গাঁও বেলেগ কথা চহৰৰ চৰকাৰী চিকিৎসালয় সমূহতো চিকিৎসকৰ অভাৱ পৰিলক্ষিত হৈছে।

দৈমাৰীয়ে অসমৰ চিকিৎসালয় সমূহত চিকিৎসকৰ অভাৱৰ বিষয়ে উল্লেখ কৰি ৰজ্যত যিমান পৰিমাণৰ চিকিৎসকৰ প্ৰয়োজন সেই অনুপাতে দেশে চিকিৎসক সৃষ্টি কৰাত ব্যৰ্থ হৈছে বুলি মত প্ৰকাশ কৰে।

আনহাতে, সাংসদ দৈমাৰীয়ে গাঁওৰ চিকিৎসালয় সমূহত চিকিৎসক নথকাৰ মূল কাৰণ বৰ্ণনা কৰি কয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যায়ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰিয়ালৰ পৰা পোৱা আৰ্থিক সুবিধা আৰু ভাল শিক্ষাৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় কিন্তু তেওঁলোকে চিকিৎসক হৈ আহি গাঁওত সেৱা আগবঢ়াবলৈ ইচ্ছা নকৰে।

এইক্ষেত্ৰত চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে অভাৱ-অনাতন আৰু দৰিদ্ৰতাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত প্ৰতিযোগিতা কৰাত ব্যৰ্থ হয় বুলি উল্লেখ কৰি দৈমাৰীয়ে মেডিকেল প্ৰৱেশ পৰীক্ষাত চৰকাৰী বিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৭০ শতাংশ আসন সংৰক্ষণ কৰাৰ বাবে দাবী জনায়।

উল্লেখযোগ্য যে, ভাৰতীয় চিকিৎসা পৰিষদ সংশোধনী আইন,২০১৯ত বিভিন্ন দলৰ প্ৰতিনিধিসকলে ভাৰতীয় চিকিৎসা পৰিষদৰ ব্যাপক সংস্কাৰ সাধনৰ বাবে মন্তব্য আগবঢ়ায়।