NORTHEAST NOW (Assamese)

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত আইছ’লেশ্যন কক্ষ পৰিদৰ্শন সাংসদ বিশ্বজিৎ দৈমাৰীৰ

April 4, 2020 10:55 am · দীপক কুমাৰ পাঠক
Updated: April 4, 2020 12:20 pm
বিশ্বজিৎ দৈমাৰী

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন সমূহে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে।

বাকছা জিলাৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনকো ক’ৰ’না হস্পাতাল আৰু আইছ’লেশ্যন চেণ্টাৰ হিচাপে উন্নীত কৰা হৈছে।

ক’ৰ’না আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ বাবে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত মুঠ ১৫ খন বিচনা সাজু কৰি উলিওৱা হৈছে।

শুকুৰবাৰে সন্ধিয়া ৰাজ্য়সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসক আৰু নাৰ্চ সকলক সাক্ষাৎ কৰে।

পৰিদৰ্শন কালত সাংসদ গৰাকীয়ে চিকিৎসালয়খনৰ মুখ্য চিকিৎসক ড০ মনোহৰ দাসক প্ৰয়োজনীয় সা-সামগ্ৰীৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য় বিষয়াৰ লগত যোগাযোগ ৰক্ষা কৰাৰ বাবে কয়।

তাৰোপৰি, চিকিৎসালয়খনক এখন উন্নত ক’ৰ’না চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োনীয় চিকিৎসা সজুলিৰ তালিকাও শীঘ্ৰেই জিলা প্ৰশাসনৰ হাতত প্ৰদান কৰিবলৈ সাংসদ দৈমাৰীয়ে চিকিৎসক দাসক উপদেশ দিয়ে।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ মুঠ ২৩ গৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছে।

Related News