NORTHEAST NOW (Assamese)

ধৰ্ষণৰ অভিযোগ! সংবাদমেলৰ পৰাই আটক কংগ্ৰেছী সাংসদ

January 30, 2025 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 30, 2025 5:46 pm

উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছৰ সীতাপুৰৰ সাংসদ ৰাকেশ ৰাথোৰক। এগৰাকী আদবয়সীয়া মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। সীতাপুৰৰ আৰক্ষী অধীক্ষক চক্ৰৰেশ মিশ্ৰই কয় যে কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰায় দুসপ্তাহ ধৰি আত্মগোপন কৰি আছিল।

কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে ৰাকেশ ৰাথোৰ সীতাপুৰৰ বাসগৃহত আছিল। সংবাদমেল পাতি থকাৰ সময়তে আৰক্ষীয়ে আহি তেওঁক লৈ গল। পাছত আৰক্ষীয়ে জনোৱা মতে, সাংসাদক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ৪৫ বছৰীয়া মহিলাগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছৰ সাংসদগৰাকীয়ে ধৰ্ষণ কৰাৰ অভিযোগ আছে। লগতে মহিলাগৰাকীক দলৰ গুৰুত্বপূৰ্ণ পদবীৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ। ধৰ্ষণ কাণ্ড ঢাকি ৰাখিবলৈ সাংসদগৰাকীয়ে মহিলাগৰাকীক বিভিন্ন ধৰণে ভয় দেখুৱাই মাত নামানিবলৈ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰি আৰক্ষী থানাতো এজাহাৰ দাখিল কৰা হৈছে।

আৰক্ষীয়ে লগতে কয় যে, চলিত মাহৰ ১৭ তাৰিখে ধৰ্ষণকাৰী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পাছৰে পৰা অভিযুক্ত সাংসদগৰাকী পলাতক হৈ আছিল। তেওঁ কেইবাবাৰো আগজাননীমূলক জামিন লবলৈ চেষ্টা কৰিছিল। কিন্তু আদালতে আগতীয়া জামিন প্ৰদান কৰা নাছিল। বুধবাৰে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত আগজাননীমূলক জামিন আবেদন দাখিল কৰে। কিন্তু সেই আবেদন অনুমোদন নহল। আদালতে তেওঁক আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

কংগ্ৰেছৰ সূত্ৰই দাবী কৰিছে যে আদালতৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে থানাত আত্মসমৰ্পণ কৰিলেহেঁতেন দলৰ সাংসদগৰাকীয়ে। তাৰ আগতে তেওঁ সংবাদমেল আহ্বান কৰি নিজৰ বক্তব্য ৰাজহুৱা কৰে।কিন্তু পুলিচে সেই সুযোগ নিদিলে। সংবাদমেলৰ পৰা বলপূৰ্বক অপসাৰণ কৰা হয়। আৰক্ষীয়ে অভিযুক্ত কংগ্ৰেছ সাংসদজনৰ ঘৰলৈ গৈ তৎক্ষণাত আত্মসমৰ্পণ কৰিবলৈ কোৱা বুলি দাবী কৰে। কিন্তু তেঁও নকৰিলে। গতিকে বৃহস্পতিবাৰে সংবাদমেলৰ সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

Related News