NORTHEAST NOW (Assamese)

জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰে কয়লা খনন হ’বলৈ দিয়া নহ’ব; বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ

June 2, 2020 8:00 pm · মানস প্ৰতিম গগৈ
কংগ্ৰেছৰ সজাতি দলৰ সৈতে ৰকিবুল হুছেইন

শালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ অনুমতি দিয়াক কেন্দ্ৰ কৰি বিভিন্ন দল সংগঠন সৰৱ হৈ উঠিছে।

আজি লিডুৰ শালেকী গাঁ‌ৱৰ প্ৰৱেশ দ্বাৰত থিয় হৈ কংগ্ৰেছী বিধায়ক ৰকিবুল হুচেইনে সংবাদ মাধ্যমৰ আগত জৈৱ বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই অনা কোনো কাম সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

আজি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মুক্ত কয়লা খননৰ বাবে প্ৰস্তাবিত শালেকী বস্তিৰ লগতে টিকক পাহাৰৰ মুক্ত কয়লা খননস্থলী পৰিদৰ্শন কৰে ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ এটি সজাতি দলে।

ৰকিবুল হুছেইনৰ নেতৃত্বত অহা এটা দলে দিনৰ ১১ মান বজাত খননৰ বাবে চৰ্চিত হোৱা শালেকী বস্তিত উপস্থিত হৈ ঠাই সমূহ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত ৰকিবুল হুছেইনক সংগ দিয়ে প্ৰাক্তন সংসদীয় সচিব সুশান্ত বৰগোহাই, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে আদি কৰি কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা-কৰ্মীয়ে।

শালেকি বস্তিত উপস্থিত হৈ ৰকিবুল হুছেইনে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ (এন ই চি)মাৰ্ঘেৰিটা আৰু অসম চৰকাৰে হাস্তী কৰিড’ৰ নহয় বুলি দিয়া আপত্তিবিহীন প্ৰমাণ পত্ৰৰ উত্তৰত কয় যে, ২০০৪ চনতে বন বিভাগে শালেকী বনাঞ্চল সংৰক্ষিত এলেকা হিচাবে চিহ্নিত কৰিছিল আৰু তেনেস্থলত অসম চৰকাৰে ২০-৯-২০১৬ তাৰিখে ক’ল ইণ্ডিয়াক কেনেকৈ খননৰ বাবে অনুমতি প্ৰদান কৰিলে বুলি প্ৰশ্ন কৰে।

আনহাতে, মাৰ্ঘেৰিটাত চোৰাং কয়লাৰ বেহা চলি থকা বিষয়টো তথ্য সহকাৰে দাঙি ধৰি ডাইৰেক্টৰ অৱ জিঅল’জি এণ্ড মাইনিং আসামে কেইবাজনো লোকৰ নামৰ সৈতে কয়লাৰ চোৰাং কাৰবাৰত জড়িত থকাৰ অভিযোগত এজাহাৰ দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত এজনকো কিয় কৰায়ত্ব কৰিব নোৱাৰিলে বুলি চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰি হুছেইনে উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবৰ বাবে চৰকাৰক দাবী জনায়।

‘‘পেটৰ তাৰণাত একাংশ দুখীয়া মানুহে কয়লা বস্তাত সংগ্ৰহ কৰি জীৱন সংগ্ৰাম কৰিছে তেওঁলোকৰ প্ৰতি কংগ্ৰেছৰ বিশেষ কব লগা একো নাই কিন্তু যিসকলে কয়লাৰ চোৰাং বেহা আৰু কয়লা চোৰাং বেহাৰ নামৰ চিণ্ডিকেট কৰিছে সেই সকলৰ বিৰুদ্ধে উচ্চ পৰ্য্যয়ৰ তদন্তৰ দাবী জনাইছো,’’ কংগ্ৰেছী বিধায়ক গৰাকীয়ে কয়।

কংগ্ৰেছ চৰকাৰৰ দিনত ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা, লেখাপানী, পেঙেৰী, জাগুনৰ বনাঞ্চল সমূহত চলা বন ধ্বংসযজ্ঞ আৰু অবৈধভাবে নদীৰ খননৰ দ্বাৰা সংগ্ৰহ কৰা শিল-বালি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰবিবুল হুছেইনে কয় যে, আমাৰ দিনত যদি কিবা হৈছিলে সেইখিনিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব তেওঁলোকৰ আৰু এতিয়া সেই ধৰণৰ কাম হৈছে নে নাই তাৰো ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব তেওঁলোকৰেই।

বিধায়ক গৰাকীয়ে লগতে কয় যে, চোৰাং ভাবে কয়লা পৰিবাহী কৰা যিবিলাক গাড়ীৰ ফটো আমি দিছো সেইবোৰ কংগ্ৰেছৰ দিনৰ নেকি? কেইদিন মান পূৰ্বে শাসকীয় দলৰ এজন বিধায়কে ফেইচবুক লাইভৰ জৰিয়তে নিশাৰ ভাগত চোৰাং ভাবে পৰিবাহী হোৱা ট্ৰাকৰ যে ভিডিঅ দেখালে সেইয়া কংগ্ৰেছৰ দিনৰ নেকি বুলিহে ওলোটাই প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে,  তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অৱস্থিত এই শালেকী বস্তিত শেহতীয়াকৈ ৯৮.৫৯০ হেক্টৰ সেউজীয়া পাহাৰ ভূমি কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাক খননৰ কৰ্তৃত্ব প্ৰদান কৰাত চৰজমিন অনুসন্ধানৰ বাবে আজি কংগ্ৰেছৰ দলটোয়ে পাটকাই পাহাৰ পৰিভ্ৰমণ কৰি মাৰ্ঘেৰিটা ৰাজীৱ ভৱনত কিছু সময় কটায় তিনিচুকীয়া বাঘজানলৈ বুলি ৰাওনা হয়।

Related News