• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অট্টালিকা নিৰ্মাণৰ অনুমতি শীঘ্ৰে লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

গুৱাহাটী মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণ কৰি সৌন্দৰ্যবৰ্দ্ধনৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2020 7:44 pm

2 min read

index.jpgtr
660
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণ কৰি সৌন্দৰ্যবৰ্দ্ধনৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে।

কিমানসংখ্যক জলাশয় এতিয়া সুৰক্ষিত অৱস্থাত আছে তাৰ বিশ্লেষণ কৰি আৰু অধিক সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজি গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে চলিত বছৰৰ ভিতৰতে যাতে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনি কাৰ্যকৰী হৈ উঠে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত কোনো ধৰণৰ বিলম্ব যাতে কৰা নহয় সেই দিশত উপযুক্ত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

পৌৰ নিগমৰ আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে আইন বলৱৎ গোট শক্তিশালী কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে জৰিমনাৰ লেখীয়া পদক্ষেপসমূহ অধিক ক্ষিপ্ৰতাৰে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই ক্ষেত্ৰত আৰক্ষীৰ লগত সহযোগিতাৰে কাম কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটী মহানগৰীয়ে ক্ৰমাগতভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন উল্লেখযোগ্য মহানগৰ হিচাপে স্থান লাভ কৰাৰ দিশেৰে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ যান-জটৰ সমস্যা লাঘৱ কৰাৰ বাবে এক বিস্তৃত কৰ্ম আঁচনি যুগুতাই তুলিবলৈও নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সুৰক্ষা, গাড়ীৰ পাৰ্কিং, নতুন বজাৰ স্থাপন ইত্যাদি দিশসমূহ অধ্যয়ন কৰিবলৈও নিগমৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত অধিক সতৰ্ক আৰু সজাগতাৰে কাম কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। গুৱাহাটী মহানগৰীক আধুনিক চহৰ হিচাপে গঢ় দিয়াৰ বাবে যিবোৰ সুযোগ আৰু সম্ভাৱনা আছে তাক অধ্যয়ন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

আজিৰ এই বৈঠকত মহানগৰীৰ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰো বুজ লয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd