সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ’

Ram Gopal Varma kissed and licked ৰামগোপাল বাৰ্মা নামটো সদায় বিতৰ্কৰ সৈতে জড়িত থাকে। শেহতীয়াকৈ পৰিচালকজনে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক অভিনেত্ৰী আশু ৰেড্ডীৰ সৈতে দেখা গৈছে। সেয়া শ্বেয়াৰ কৰি তেওঁ লিখিছে, “আৰু কিবা এটাৰ বাবে অপেক্ষা কৰক।”

আশুৱে নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে যিটোৱে বহুতৰেই দৃষ্টি আকৰ্ষণ কৰিছে। ভিডিঅ’টোৰ শিৰোনামটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “এজন মানুহক পূজা অগণন, অন্তহীন আৰু প্ৰায়ে বিপদজনক…! ৮০০ হাজাৰ প্লাছ ভিউছ আৰু অধিক বাঢ়ি আছে। অৱশ্যে, নেটিজেনসকলে ভিডিঅ’টো অপ্ৰয়োজনীয় বুলিয়েই ভাৱিছে।

ভিডিঅ’টোত, আশুক চোফাত বহি থকা দেখা গৈছে। ৰামগোপাল বাৰ্মাই তেওঁৰ ভৰিত কাষত বহি আছে। পিছফালৰ টেবুলত আছে ৱাইনৰ বটল। তেওঁ আশুৰ ভৰিত চুমা খাই আছে।

ৰামগোপালে নিজেই বুধবাৰে নিশা এটা ৩০ মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। যাৰ শিৰোনামটোত বলীউডৰ এসময়ৰ জনপ্ৰিয় পৰিচালকজনে লিখিছে, ‘সম্পূৰ্ণ ভিডিঅ’টো পোষ্ট কৰিলো। নিজৰ ৰিস্কত চাওক।‘

দেখা গৈছে যে দক্ষিণৰ নায়িকাগৰাকীয়ে হুক্কা টানি আছে। ৰামগোপালে তেওঁৰ ভৰিৰ সন্মুখত বহি প্ৰথমে জোতা খুলিলে। তাৰ পিছত তেওঁ কেৱল ভৰিত চুমা খাইয়েই শান্ত নাথাকিল, নায়িকাৰ অনুমতি লৈ আঙুলিও চেলেকি দিলে।

ৰাম গোপালে দাবী কৰিছে যে এই ভিডিঅ’টোৰ জৰিয়তে তেওঁ সকলোকে মহিলাসকলৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে সেয়া মনত পেলাই দিব বিচাৰিছে।

ৰামগোপাল আৰু আশু ৰেড্ডীৰ এই ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। যিটো বেছিভাগ নেটিজেনৰে ‘ৰুচিহীন’ আৰু ‘ঘৃণনীয়’ লাগিছে।

কমেন্ট কৰি কোনোবা এজনে লিখিছে, “ৰামগোপাল এসময়ত বলীউডৰ অন্যতম প্ৰসিদ্ধ পৰিচালক আছিল। অভিনেতাসকলে তেওঁৰ সৈতে কাম কৰিবলৈ আগ্ৰহী আছিল। আজি আপুনি নিজকে কিমান তলত ৰাখিছে সেয়া দেখি দুখ লাগিছে। আন এজনে লিখিছে, “ডিঙিলৈকে সুৰা পান কৰাটো স্পষ্ট। চি: চি:  কথাবোৰো লাগি ধৰিছে।‘’