অভিনয় এৰি যেন লাভ কৰিলে স্বৰ্গ, ১৪০০ কোটি টকাৰ মালিক হ’ল ৰামায়ণৰ লৱ 

১৯৮৭ চনত আৰম্ভ হোৱা ‘ৰামায়ণ’ হৈছে টেলিভিশ্যন জগতৰ এখন বিখ্যাত ধাৰাবাহিক। এই ৰামায়ণৰ জনপ্ৰিয়তা আজিও মানুহৰ মাজত একেই আছে। 

এই ৰামায়ণত ময়ুৰেশ ক্ষেত্ৰমাদে ৰামৰ পুত্ৰ লবৰ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু এই ধাৰাবাহিকখনত অভিনয় কৰি অভিনয় জগতখনক বিদায় দিলে ময়ুৰেশে। এতিয়া তেওঁ ক’ত? কি কৰিছে এই অভিনেতাজনে? জানেনে ?

ৰামায়ণৰত ৰাম, সীতা আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সকলক আমি ভালদৰে চিনি পাওঁ যদিও ৰাম আৰু সীতাৰ পুত্ৰ লৱ-কুশৰ কথা আমি বহুতে নাজানোঁ। 

ৰামায়ণত লৱৰ চৰিত্ৰত অভিনয় কৰিছিল ময়ুৰেশ ক্ষেত্ৰমাদে, কুশৰ চৰিত্ৰত অভিনয় কৰিছিল স্বপনীল যোশীয়ে।

ৰামায়ণৰ কুশ অৰ্থাৎ স্বপ্নীলে পিছলৈ অভিনয়ক পেছা হিচাপে বাছি লৈছিল। বৰ্তমান স্বপ্নীলে হিন্দী আৰু মাৰাঠী চিনেমা জগতত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। 

কুশৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিও জনপ্ৰিয়তা লাভ কৰে। কিন্তু অভিনয়ৰ পেছা এৰি ময়ুৰেশে আন এটা পথ বাছি লৈছিল।

১৯৭৬ চনত মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে। মাক-দেউতাক আৰু ভায়েকৰ সৈতে তেওঁৰ এটা সৰু পৰিয়াল আছিল। যিহেতু তেওঁ সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল, সেয়েহে ৫ বছৰ বয়সতে ৰামায়ণত লৱ চৰিত্ৰত অভিনয় কৰিছিল ময়ুৰেশে। 

ৰামায়ণৰ অন্ত পৰাৰ সময়ত ময়ুৰেশৰ বয়স আছিল ১৩ বছৰ। পঢ়া-শুনা হেৰুৱাব বুলি ভয় কৰি তেওঁ অভিনয় ত্যাগ কৰিলে। 

ৰামায়ণ ধাৰাবাহিক শেষ কৰাৰ পিছত অভিনেতাজনে অনুভৱ কৰিলে যে তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগে। ধাৰাবাহিকখনৰ পিছত তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰে। 

স্কুল-কলেজীয়া পঢ়া-শুনা সমাপ্ত কৰি তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আমেৰিকালৈ গুচি যায়। টেক্সাছত অৰ্থনীতিত এম এছ সম্পূৰ্ণ কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।

জানিব পৰা মতে, ২০০৩ চনত তেওঁ বিশ্ব বেংকৰ গৱেষক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। 

২০১৬ চনত কমিছন জংচনত যোগদান কৰি ২০১৯ চনৰ ভিতৰত কোম্পানীটোৰ চিইঅ’ পদলৈ উন্নীত হয়। 

এইগৰাকী প্ৰাক্তন অভিনেতাৰ নেতৃত্বত ২০২২ চনত এই কোম্পানীটোৰ বজাৰ মূল্য ১৪০০ কোটি হয়। সম্প্ৰতি জনপ্ৰিয় ধাৰাবাহিকৰ প্ৰাক্তন অভিনেতাজনে পৰিয়ালৰ সৈতে নিউয়ৰ্কত থাকে।